ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এগজিট প’লত অসমত এনডিএৰ ১২খন আসন

🔹 উত্তৰ–পূবৰ ২৫খন আসনৰ এনডিএই পাব ১৬–২১খন
বিশেষ বাৰ্তা, ১ জুন : লোকসভা নির্বাচনক লৈ আজি প্রকাশিত এগজিট প’লত পুনৰবাৰ কেন্দ্রত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠন হোৱাটো স্পষ্ট হৈ পৰিছে৷ ৰাষ্ট্রীয় প্রায় আটাইবোৰ প্রতিষ্ঠানে প্রকাশ কৰা এই এগজিট প’লত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এনডিএ পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হোৱাৰ পাছত সৃষ্টি হৈছে ব্যাপক চর্চা৷ লক্ষণীয়ভাৱে অসম তথা উত্তৰ–পূবতো বিজেপি নেতৃত্বাধীন এনডিএই গৰিষ্ঠসংখ্যক আসন দখল কৰাৰ সম্ভাৱনাক স্পষ্ট কৰি তুলিছে এগজিট প’লে৷ বিশেষকৈ অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত আটাইকেইটা ৰাষ্ট্রীয় সংবাদ মাধ্যমে বিজেপিক ১২খন, কংগ্রেছ আৰু এআইইউডিএফক এখনকৈ আসন দিছে৷ অসমক লৈ টাইমছ নাও–নৱভাৰতৰ এগজিট প’ল অনুসৰি অসমত বিজেপিয়ে ১২খন, কংগ্রেছে এখন আৰু এআইইউডিএফে এখন আসন লাভ কৰিব৷ একেদৰে নিউজ–২৪ আৰু চাণক্যৰ সমীক্ষাত ১২খন আসন বিজেপি আৰু মিত্রজোঁটৰ পক্ষত আৰু এখনকৈ আসন কংগ্রেছ আৰু এআইইউডিএফৰ পক্ষত৷ নিউজ এক্সৰ সমীক্ষা অনুসৰি অসমত বিজেপি আৰু মিত্রজোঁটে ১২খন, কংগ্রেছে এখন আৰু এআইইউডিএফে এখন আসন লাভ কৰিব৷ টুডেজ চাণক্যৰ এগজিট প’ল অনুসৰি অসমত এনডিএই ১০–১৪, কংগ্রেছ ০–২ আৰু অন্যান্যই  ০–২খন আসন লাভ কৰিব৷ ইফালে, উত্তৰ–পূবৰ ২৫খন আসনক লৈ এবিপি চি–ভোটার্ছে দাঙি ধৰা সমীক্ষা অনুসৰি এনডিএই ১৬–২১খন আসন লাভ কৰাৰ বিপৰীতে ইণ্ডি এলায়েন্সে ৩–৭খন আসন লাভ কৰিব৷ অৰুণাচল আৰু মেঘালয়ৰ চাৰিখন আসনেই বিজেপি মিত্রজোঁটে লাভ কৰিব বুলি টাইমছ নাও–নৱভাৰতৰ এগজিট প’লত প্রকাশ পাইছে৷ ইণ্ডিয়া টিভিৰ সমীক্ষা অনুসৰি অসমৰ ১৪খন আসনৰ বিজেপি আৰু মিত্রজোঁটে ৯–১০খন, কংগ্রেছে ১–২ আৰু অন্যান্যই ১–২ আসন লাভ কৰিব৷ চিএনএক্সৰ এগজিট প’ল অনুসৰি অসমত বিজেপি আৰু মিত্রজোঁটে ৯–১০, কংগ্রেছে ১–২ আৰু অন্যান্যই ১–২ আসন পাব৷
Featured