অবৈধ মাতৃত্ব! হজৰাপাৰত ৰাইজে উদ্ধাৰ কৰিলে নৱজাতক

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ভূলুণ্ঠিত মানৱতা। নিৰ্দয় মাতৃৰ গৰ্ভাশয়ত আশ্ৰয় লোৱা এটি নিষ্পাপ নৱজাতকক পেলাই থৈ গ’ল অজ্ঞাত লোকে। তেজপুৰ হজৰাপাৰত ৰাইজে উদ্ধাৰ কৰে এই নৱজাতকটিক। ৰাইজে শিশুটিক পুৱা উদ্ধাৰ কৰি আৰক্ষীৰ সহায়ত চিকিৎসালয়ত ভৰ্তি কৰায়৷ কোনো মহিলাই অবৈধ মাতৃত্বৰ বোজা লুকুৱাবলৈ শিশুটিক এইদৰে তেজপুৰ নিয়োগ বিনিময় কেন্দ্ৰৰ সন্মুখৰ এটা ভাৰাঘৰৰ পিছফালে পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে৷