এজাহাৰ দিবলৈ অহা মহিলাক অভব্য আচৰণ গৰৈমাৰী থানাৰ অ’চিৰ

নিময়ীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ লগত সৌহাৰ্দপূৰ্ণ আচৰণ কৰিবলৈ আৰক্ষীক বাৰম্বাৰ নিৰ্দেশনা দিয়াৰ পিছতো একাংশ আৰক্ষীয়ে সেই নিৰ্দেশনা অমান্য কৰি আহিছে ৷ জানিব পৰা মতে কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী থানাৰ অচি সমৰজিত ডেকা থানাত যোগদান কৰাৰ পিছৰ পৰাই উঠিৰজা বহিৰজা এক নীতি অৱলম্বন কৰি  সাধাৰণ ৰাইজৰ লগত দূৰ্ব্যৱহাৰ কৰাৰ উপৰি এজাহাৰ দিব অহা লোকৰ সৈতেও অভব্য আচৰণ কৰা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ দক্ষিণ কামৰূপৰ গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি ডেকাৰ বিৰুদ্ধে মহিলাক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে গৰৈমাৰীৰ বৰাখাট গাঁৱৰ মহিৰুদ্দিন শিকদাৰৰ পত্নী ৰেহেনা পাৰবিনৰ ঘৰৰ দুটা কুকুৰা চৰাই বাঁহৰ লাঠিৰে মৰিয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত এজাহাৰ দিবলৈ মহিলাগৰাকী ১৬ ছেপ্টেম্বৰত গৰৈমাৰী থানালৈ যায়৷ ইপিনে থানাত এজাহাৰ দাখিল কৰাৰ পিচত মহিলাগৰাকীক ইতিকিং কৰাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি ডেকাই মহিলাজনীক অভব্য আচৰণ কৰে৷ আনহাতে মৃত মুৰ্গী চৰাই দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ নামত আৰক্ষী বিষয়াগৰাকীয়ে সিদিনা পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ থানা বহুৱাই ৰাখি মহিলাগৰাকীক বিভিন্ন ককৰ্থনামূলক ভাষা প্ৰয়োগ কৰে৷ অৱশ্যে বিয়লি ৩ বজাত মহিলাগৰাকীৰ অভিযোগ গ্ৰহণ কৰে যদিও আজিলৈকে গোচৰৰ কোনোধৰণৰ গুৰুত্ব নিদি আৰক্ষী বিষয়াগৰাকীয়ে আচামীৰ সৈতে মিতিৰালি কৰি তদন্তত যোৱাৰ পৰা বিৰত থাকে৷ ১৮ ছেপ্টেম্বৰৰ বিয়লি মহিলাগৰাকীয়ে আৰক্ষী বিষযাজনক গোচৰৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কে ফোন কৰাত আৰক্ষী বিষয়াগৰাকীয়ে ভুক্তভোগী মহিলাজনীক অকথ্য ভাষাৰে গালি গালাজ পাৰি ফোন বিচ্ছিন্ন কৰে৷ অৱশ্যে মহিলাগৰাকী সেইসময়ত গৰৈমাৰী থানাত উপস্থিত হোৱাত আৰক্ষী বিষয়াগৰাকীক থানা চৌহদত ক্ৰিকেট খেলত ব্যস্ত থকাৰ লগতে মহিলাজনীয়ে গোচৰ দিয়া আচামীজন থানাত ৰখি থকা প্ৰত্যক্ষ কৰে৷ আৰক্ষী বিষয়া সমৰজ্যোতি ডেকা অভিযুক্ত লোকজনৰ সৈতে মিতিৰালি কৰাৰ লগতে অন্যায়কাৰীক ৰক্ষণাবেক্ষণ দিয়া বুলি মহিলাগৰাকী একপ্ৰকাৰ নিশ্চিত হয়৷ ইপিনে বৰাখাট গাঁৱৰ হুৰমুজ আলী আৰু হামেলা খাতুনে গৰৈমাৰী আৰক্ষীৰ সহযোগত মহিলাগৰাকীক হত্যা কৰাৰ পৰিকল্পনাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী ৰেহেনা পাৰবিনে গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি ডেকাৰ বিৰুদ্ধে আজি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এখন লিখিত অভিযোগ দাখিল কৰি আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়৷
প্ৰেৰক আনোৱাৰ হুছেইন
Featured