চৰাইদেউত দুর্বৃত্তই বাইক আৰোহীৰ পৰা কাঢ়িলে ডেৰ লাখ টকা

বিশেষ বাৰ্তা, ১৬ জুন : চৰাইদেউ জিলাৰ বৰুৱানগৰত দিন-দুপৰতে তিনি দুর্বৃত্তই মটৰচাইকেল ৰখাই এজন ব্যক্তিৰ পৰা ডেৰ লাখ টকা কাঢ়ি নিয়াৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, টংকেশ্বৰ শর্মা নামৰ ব্যক্তিজনে কালি বৰহাটৰ এটা বেংকৰ পৰা ডেৰ লাখ উলিয়াই বাইকেৰে ঘৰ অভিমুখে আহি থাকোঁতে বৰুৱানগৰত এখন ৰঙা-ক’লা পালছাৰ বাইকত অহা তিনিজন যুৱকে ব্যক্তিজনৰ পৰা জোৰকৈ টকাখিনি কাঢ়ি লয়। উল্লেখ্য যে মাস্ক পিন্ধি অহা যুৱক তিনিজনে প্রথমে ব্যক্তিজনক হাতৰ ইংগিতেৰে ৰ’বলৈ কোৱাত ব্যক্তিজনে বাইকখন ৰখোৱাৰ পাছতে তিনিওজনে ব্যক্তিজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰি জোৰকৈ টকাখিনি কাঢ়ি লৈ নিমিষতে সেই ঠাই পৰিত্যাগ কৰে। ঘটনা সন্দর্ভত ব্যক্তিজনে লগে লগে সাপেখাতী থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এইপর্যন্ত আৰক্ষীয়ে ডকাইতকেইটাক আটক কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰেৰক দীপাংকৰ পাল

Featured