বকোৰ লামপাৰাত নিশা এনকাউণ্টাৰ : ডকাইত কেনাৰামৰ ভৰিত আৰক্ষীৰ গুলি

নিয়মীয়া বাৰ্তা, ২৩ জুন : কামৰূপ জিলাৰ বকোৰ লামপাৰাত যোৱানিশা এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে দুজাঁই গুলীচালনা কৰে। আৰক্ষীৰ গুলীত ভৰিত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে বুলি জনা যায়। নিশাই গুলীবিদ্ধ কেনাৰাম বসুমতাৰীক জি এম চি এইচত ভৰ্তি কৰায়। প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা ATM চোৰৰ চক্ৰ এটাক বকোৰ শিংৰাত গ্ৰেপ্তাৰ কৰিছিল কামৰূপ আৰক্ষীয়ে। ইফালে, বকোৰ ভিন্ন প্ৰান্তত কেনাৰামক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তেনে সময়তে পলায়নৰ চেষ্টা কৰে দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰীয়ে। অসম আৰু মেঘালয়ত বিভিন্ন অপৰাধ কাৰ্য্যত জড়িত দুৰ্ধৰ্ষ কেনাৰাম বসুমতাৰী।
প্ৰেৰক বিষ্ণু ৰাম দাস
Featured