শিমলীতোলাত দিন-দুপৰতে আৰক্ষী জোৱান ঘৰত চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : আজি দুপৰীয়া গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত দেৱানবড়ী গাঁৱৰ এটা পৰিয়ালত দিন-দুপৰতে চোৰ সোমাই আলমিৰা আৰু বাকচৰ তলা খুলি নগদ ধন লৈ যোৱাৰ খবৰে চাঞ্চল্য বিয়পায় গাঁওখনত | জানিব পৰা মতে, গাঁওখনৰ আৰক্ষীত কৰ্মৰত হিতেশ কলিতা চাকৰি সূত্ৰে বাহিৰত থাকে | ঘৰত শিশু সন্তানসহ থাকে পত্নী। আজি গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা সূত্ৰে সন্তানৰ লগত পত্নীয়েও দুৱাৰ-খিৰিকী বন্ধ কৰি গৈছিল শিক্ষানুষ্ঠানলৈ | ঘৰত কোনো নথকা অৱস্থাতে পৰিয়ালটোৰ দুটাকৈ ঘৰৰ দুৱাৰ-খিৰিকী ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰে আৰু এটা বাকচৰ পৰা নগদ পাঁচ হাজাৰ আৰু আলমিৰা খুলি নগদ চাৰি হাজাৰ, মুঠ প্ৰায় ন হাজাৰ টকা লৈ উধাও হয় | দিনৰ প্ৰায় এক বজাত নিজ গৃহত উপস্থিত হয় আৰক্ষী জোৱান হিতেশ কলিতা | দিন-দুপৰতে চুৰি কাণ্ড সংঘটিত হোৱাৰ খবৰ ৰাষ্ট্ৰ হৈ পৰাত বহু লোকৰ সমাগম ঘটে। খবৰ পাই আৰক্ষীও উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে | দিন-দুপৰতে আৰক্ষী জোৱানৰ ঘৰত সংঘটিত এনে চুৰি কাণ্ডক লৈ চাঞ্চল্য বিয়পে গাঁওখনত |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured