মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে ক্ষোভ অনুসূচিত জাতি সংগঠনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ছেপ্টেম্বৰঃ অনুসূচিত জাতিৰ কেইবাটাও সংগঠনে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি মিচিং অট’নমাছ কাউন্সিল (মিচিং স্বায়ত্তশাসিত পৰিষদ)ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। গুৱাহাটী প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দই আজি সংবাদ মেলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰাৰ লগতে পৰিষদৰ বিৰুদ্ধে ক্ষোভ উজাৰে। সংগঠনকেইটাৰ মতে, অসমৰ বিল, জলাশয়সমূহত টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰাৰ অধিকাৰ কেৱল মীন বিভাগ আৰু ফিছ ফেডৰহে আছে। কোনো কাউন্সিলে মীন মহলত কোনো হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু বিগত ১০ বছৰে আইন বৰ্হিভূতভাৱে বিল জলাশয়সমূহ টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰি আহিছিল মিচিং অট’নমাছ কাউন্সিলে। মিছিং অট’নমাছ কাউন্সিলে ১৯৫৩ চনৰ মীন আইন উলংঘা কৰি এই কাম কৰি আহিছিল বুলি সংগঠনকেইটাই অভিযোগ কৰে। কাউন্সিলৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰি অনুসূচিত জাতিৰ সংগঠনকেইটাই উচ্চ ন্যায়ালয়ৰ কাষ চপাত বিষয়টোত উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰে। এই সন্দৰ্ভত সংগঠনকেইটাই জানিবলৈ দি কয় যে উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি অসমৰ বিল, জলাশয়ৰ পৰা কৰ সংগ্ৰহ কৰাৰ অধিকাৰ মিছিং অট’নমাছ কাউন্সিলৰ নাই। অসমৰ বিল, জলাশয়সমূহত টেণ্ডাৰ কৰি কৰ সংগ্ৰহ কৰাৰ অধিকাৰ কেৱল মীন বিভাগ আৰু ফিছ ফেডৰহে আছে। লগতে কৰ সংগ্ৰহ কৰাৰ অধিকাৰ ১০০ শতাংশ অনুসূচিত জাতিৰ লোকেৰে গঠিত মীন সমবায় সমিতিৰ আছে। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক সংগঠনকেইটাই আদৰণি জনোৱাৰ কথা আজি সংবাদমেলত প্ৰকাশ কৰি মিচিং অট’নমাছ কাউন্সিলক উচ্চ ন্যায়ালৰ এই ৰায়ক মানি চলিবলৈ আহ্বান জনায়।

Featured