নলবাৰী ককয়াত পথ দুৰ্ঘটনা : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰিল স্কুলবাছ

বিশেষ বাৰ্তা, ১৩ জুলাইঃ নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ককয়াত আজি পুৱাৰ ভাগতেই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ককয়া-জাগাৰা পথত নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰিল এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িওৱা স্কুল বাছ। ঘটনাৰ সূত্ৰে জানিব পৰা মতে, ককয়া দিশৰ পৰা জাগাৰা সংযোগী পথেৰে আহি থকা বেলশৰ বিল্বেশ্বৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গোপাল চন্দ্ৰ একাডেমীৰ এ এছ-১৪-চি ৭৯০৯ নম্বৰৰ স্কুল বাছখনে শিক্ষাৰ্থী কঢ়িয়াই  বিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত ককয়াত নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে। লগে লগে সমগ্ৰ অঞ্চলটোত হুলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে। ভয়ংকৰ দূৰ্ঘটনাটোত সৌভাগ্য ক্ৰমে চালক, এগৰাকী অভিভাৱকসহ প্ৰায় ১৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰান ৰক্ষা পৰে৷ পুৱা স্কুল বাছখনে জাগাৰা, গোৱালপাৰা, ককয়া আদি অঞ্চলৰ পৰা শিক্ষাৰ্থী কঢ়িয়াই  গোপাল চন্দ্ৰ একাডেমী বিদ্যালয় লৈ আহি থকা অবস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। পিছত ততাতৈয়াকৈ স্থানীয় লোকে উদ্ধাৰ কৰে শিক্ষাৰ্থী সকলক।ঘটনাস্থলীত বেলশৰ শিঙিমাৰা আৰক্ষী চকীৰ আৰক্ষীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ এটা দল উপস্থিত হৈ দূৰ্ঘটনাৰ বুজ লয়। উক্ত দুৰ্ঘটনাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও চালকগৰাকীৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবেই দূৰ্ঘটনাটি সংঘটিত হোৱা বুলি চৰ্চিত হৈছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

Featured