আজিৰে পৰা গুৱাহাটীত ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ সৰুসজাই ক্রীডা প্রকল্পৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হ’ব ৭১সংখ্যক ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতা৷ উল্লেখ্য যে পুৰুষ–মহিলাৰ প্রতিযোগিতাখনত অংশ লোৱাৰ বাবে ইতিমধ্যে আহি গুৱাহাটীত উপস্থিত হৈছে দলসমূহ৷ আজি  পুৱা ন বজাৰ পৰাই উভয় শাখাৰ গ্রুপ লীগৰ মেচসমূহ আৰম্ভ হ’ব৷ আয়োজক অসমৰ পুৰুষ দলে আজি  প্রথম মেচখন খেলিব মিজোৰামৰ বিৰুদ্ধে৷ আনহাতে, অসমৰ মহিলা দলে মণিপুৰৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷

উল্লেখ্য যে পুৰুষ শাখাৰ গ্রুপ ‘ডি’ত অসম আৰু মিজোৰামৰ লগতে আছে উত্তৰাখণ্ড, তেলেংগানা, ঝাৰখণ্ড আৰু উত্তৰ প্রদেশ৷ ইফালে, মহিলা শাখাত অসমৰ লগতে ‘ডি’ত থকা অন্য দলকেইটা হ’ল– দিল্লী, তেলেংগানা, বিহাৰ আৰু মণিপুৰ৷ উল্লেখ্য যে ভাৰতীয় ভলীবল ফেডাৰেচনে প্রকাশ কৰা সূচী তথা প্রতিযোগিতাৰ নিয়ম অনুসৰি পুৰুষ শাখাত আছে ছটা গ্রুপ৷ ইয়াৰে গ্রুপ ‘এ’ত আছে হাৰিয়ানা, তামিলনাডু, পঞ্জাব আৰু কর্ণাটক৷ আনহাতে, গ্রুপ ‘বি’ত আছে ৰে’লৱে, ছার্ভিচেছ, ৰাজস্থান আৰু কেৰালা৷ এই দুটা গ্রুপৰ শীর্ষ তিনিটাকৈ অর্থাৎ ছটা দলে পোনে পোনে কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰিব৷ গ্রুপ পর্যায়ত পুৰুষৰ মেচৰ সংখ্যা ৬৭খন তথা মহিলাৰ মেচৰ সংখ্যা হ’ল ৪৮খন৷ পাঁচ ফেব্রুৱাৰীলৈ গ্রুপ মেচ হোৱাৰ অন্তত ছয় ফেব্রুৱাৰীৰ পৰা হ’ব নকআউট মেচ৷ ন ফেব্রুৱাৰীত অন্ত পৰিব প্রতিযোগিতাৰ৷ উল্লেখ্য যে তৃতীয়বাৰৰ বাবে অসমে আয়োজন কৰিছে ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল৷ ইয়াৰ পূর্বে ১৯৭১ আৰু ১৯৮৯ত অসমত অনুষ্ঠিত হৈছিল ভলীবলৰ ছিনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতা৷

Featured