ৰামলালাৰ বন্দনাৰে মুখৰিত নগৰবেৰাৰ আকাশ-বতাহ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : অযোধ্যাত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ নগৰবেৰাতো উখল-মাখল পৰিৱেশ। সকলোৰে মুখে মুখে জয় শ্ৰীৰাম ধ্বনি | বাইক ৰেলীৰ উপৰি অঞ্চলটোৰ মন্দিৰে-মন্দিৰে ৰাম ৰাম ধ্বনি। জয় শ্ৰীৰাম ধ্বনিত মুখৰিত নগৰবেৰাৰ আকাশ-বতাহ | দিনজোৰাকৈ চলা এই বিশেষ মাংগলিক কাৰ্যসূচীত আয়তী নাম, হৰিনামৰ ধ্বনিত অঞ্চলজুৰি বিশেষ আধ্যাত্মিক পৰিৱেশ পৰিলক্ষিত হয় | অযোধ্যাত ৰাম মন্দিৰত প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবেই এই ধৰ্মীয় কাৰ্যসূচী সম্পন্ন হয় নগৰবেৰাত। অঞ্চলটোৰ মন্দিৰে মন্দিৰে নাম-প্ৰসংগৰ কাৰ্যসূচীও সম্পন্ন হয় | একেদৰে নগৰবেৰা হনুমান মন্দিৰত কেন্দ্ৰীয়ভাৱে নাম-প্ৰসংগৰ কাৰ্যসূচীৰ উপৰি গাঁওসমূহৰ মাজেৰে ধৰ্মীয় পতাকা হাতে হাতে লৈ বাইক আৰু ভালেসংখ্যক লঘু বাহন লৈ ৰাম-কীৰ্তনৰ শোভাযাত্ৰাও উলিওৱা হয়। মুঠতে অঞ্চলজুৰি বিৰাজ কৰে ৰামময় পৰিৱেশ। সন্ধিয়া নগৰবেৰা বজাৰৰ মাজভাগত সহস্ৰাধিক বন্তি প্ৰজ্বলনৰ উপৰি প্ৰতিটো পদূলিতে ভক্তি প্ৰদীপ জ্বলোৱা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured