মানকাচৰৰ কুচনীমাৰাত নিচাজাতীয় কফ ছিৰাপসহ আটক সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বুধবাৰৰ নিশা কুচনীমাৰা গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । নিশা মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুচনীমাৰা গাঁৱৰ ৱালিউল ইছলাম, আলেকজেণ্ডাৰ ইছলাম আৰু জাকিৰুল ইছলামৰ ঘৰত গোপন সূত্ৰৰ পম খেদি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰীৰ নেতৃত্বত উপ-পৰিদৰ্শক হীৰেন বুংৰুং, আবুল কালাম আজাদসহ আৰক্ষীৰ দল এটাই অতৰ্কিত অভিযান চলায়। অভিযান কালত নিচাজাতীয় কফ ছিৰাপ ৩৫০ বটল জব্দ কৰে। ঘটনাস্থলীৰ পৰা মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙা ২য় খণ্ড গাঁৱৰ হাছিবৰ ৰহমান নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি থানালৈ লৈ যায়। সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ীজনক মানকাচৰ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured