সুৰাৰ বাবেই পিতৃৰ হাতত প্ৰাণ হেৰুৱালে পুত্ৰই

🔹 শিৱসাগৰত শোৱাপাটীতে পুত্ৰক ঘপিয়ালে ৰমেন বৰুৱাই

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : শিৱসাগৰৰ কোঁৱৰপুৰত পুৱতি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ সুৰাৰ বাবেই পিতৃৰ হাতত প্ৰাণ হেৰুৱালে পুত্ৰই ৷ কোঁৱৰপুৰৰ টেপৰতল গোহাঁই গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ৷ পিতৃ ৰমেন বৰুৱাই শোৱাপাটীতে ঘপিয়াই হত্যা কৰে পুত্ৰ দীপু বৰুৱাক ৷ ঘটনাত থিতাতে নিহত হয় পুত্ৰ দীপু বৰুৱা ৷ পুৱতি নিশা ৪ মান বজাত সংঘটিত কৰে এই হত্যাকাণ্ড ৷ পুত্ৰ দীপু বৰুৱাই সুৰা সেৱন কৰি দীৰ্ঘদিন ধৰি পৰিয়ালটোত অশান্তি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ যোৱানিশাও অবৈধ সুৰাৰ ঘাটিত সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি ৷ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰিৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে ৷ নিহত দীপু ম’হপালক আছিল ৷ হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ কৰিছে পিতৃয়ে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

Featured