ধলপুৰৰ ব্যৱসায়ীক সতীৰ্থই অৰুণাচলত হত্যা কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰূপতলীৰ এজন ব্যৱসায়ীক একেলগে ব্যৱসায় কৰিবলৈ যোৱা তিনি লোকে হত্যা কৰাৰ এক অভিযোগ পোৱা গৈছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি, ধলপুৰ দুই নং ৰূপতলী নিৱাসী চিতেন দাসৰ পুত্ৰ প্ৰেমেশ্বৰ দাস (৩৫)ক একে গাঁৱৰে তিনি লোক ক্ৰমে ডিম্ব হাজৰিকা (মইনা), অৰূপ হাজৰিকা আৰু অভয় হাজৰিকাই অৰুণাচল প্ৰদেশৰ চেপা নামৰ ঠাইত হত্যা কৰা বুলি প্ৰেমেশ্বৰ দাসৰ পৰিয়ালে ধলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ যোৱা ২০ জানুৱাৰীত প্ৰেমেশ্বৰ দাস, অৰূপ হাজৰিকা, অভয় হাজৰিকা আৰু ডিম্ব হাজৰিকা অৰুণাচল প্ৰদেশৰ চেপাত ব্যৱসায় কৰিবলৈ বুলি একেলগে ওলাই যায় ৷ প্ৰেমেশ্বৰ দাস ওৰফে চাঁহিয়াই স্থানীয় পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ১ লাখ টকাৰ অৰুণাচলী পৰম্পৰাগত কাপোৰ লৈ গৈছিল ব্যৱসায়ৰ বাবে ৷ চাৰিও ব্যক্তিয়ে একেটা ভাৰা কোঠাতে থাকি ব্যৱসায় কৰিছিল। যোৱা ২৯ জানুৱাৰীৰ নিশা প্ৰেমেশ্বৰে পত্নীলৈ ফোন কৰি কান্দি কান্দি কৈছিল- “ইহঁত তিনিটাই মোৰ লগত কাজিয়া কৰি বুকু, পেট আৰু গুপ্তাংগত প্ৰহাৰ কৰিছে ৷” আৰু এই খবৰ প্ৰদানৰ পিছৰে পৰা প্ৰেমেশ্বৰৰ লগত যোগাযোগ কৰিব পৰা নাছিল পৰিয়ালৰ লোকে ৷ বিষয়টো গুৰুতৰ বুলি অনুধাৱন কৰি প্ৰেমেশ্বৰৰ পৰিয়ালৰ লোক ৩০ জানুৱাৰীৰ দিনা অৰুণাচললৈ গমন কৰে ৷ প্ৰেমেশ্বৰ আৰু তিনি অভিযুক্ত থকা ভাৰাঘৰত উপস্থিত হৈ কাষৰ আন ভাৰাতীয়াৰ পৰা ৰাতি কাজিয়া হোৱা খবৰ লাভ কৰা বুলি সংবাদ মাধ্যমত সদৰী কৰে প্ৰেমেশ্বৰৰ ভাতৃয়ে ৷ নিকটৱৰ্তী ভাৰাতীয়াৰ পৰা ইতিপূৰ্বে প্ৰেমেশ্বৰৰ মৃত্যু হোৱা বুলি জানিব পাৰি প্ৰেমেশ্বৰৰ ভাতৃসহ অৰুণাচললৈ যোৱা আন পৰিয়ালৰ যুৱককেইজনে চিকিৎসালয়লৈ যায় ৷ বৰ্তমান অভিযোগত সাঙোৰ খোৱা ডিম্ব হাজৰিকাই প্ৰেমেশ্বৰৰ মৃতদেহ চেপাৰ পৰা লৈ আনি বান্দৰদেৱা আৰক্ষী চকীত গতাই দিয়ে ৷ বান্দৰদেৱা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে প্ৰেমেশ্বৰৰ অসুস্থ হৈ মৃত্যু হোৱা বুলি বৰ্তমান ডিম্ব হাজৰিকাই ৰূপতলীৰ কিছু কিছু লোকক ফোনত অৱগত কৰিছে ৷ যদি প্ৰকৃততে অসুস্থই আছিল, তেন্তে অসুস্থতা সন্দৰ্ভত প্ৰেমেশ্বৰৰ পৰিয়ালক লগত থকা তিনিও ব্যক্তিয়ে অৱগত নকৰিলে কিয় ? প্ৰেমেশ্বৰৰ পৰিয়ালৰ পৰা ফোন কৰিলে ডিম্ব, অভয় আৰু অৰূপে ৰিচিভ কৰা নাছিল কিয়… ইত্যাদি কথা ইতিমধ্যে গাঁৱত চৰ্চিত হৈ পৰিছে। তদুপৰি অভয় হাজৰিকা আৰু অৰূপ হাজৰিকা বৰ্তমান পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক মাধুৰ্য দাস
Featured