বিলাসীপাৰাৰ নায়েৰ আলগাৰ পৰা গ্ৰেপ্তাৰ আব্দুছ শুকুৰ আলী

🔹 ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰ্গম অঞ্চলত বাংলাদেশী জেহাদী গোষ্ঠী এবিটিৰ তৎপৰতা আৰম্ভৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰ্গম অঞ্চলত আৰম্ভ হৈছে নেকি বাংলাদেশী জেহাদী গোষ্ঠীৰ তৎপৰতা? যোৱা শনিবাৰৰ পুৱতি নিশাৰ এক অভিযানত ধুবুৰী আৰক্ষীৰ এটি দলে জিলাখনৰ বিলাসীপাৰাৰ নায়েৰ আলগাৰ এটা দুৰ্গম অঞ্চলৰ পৰা বাংলাদেশী জেহাদী গোষ্ঠী আনছাৰুল্লাহ বাংলা টীম (এবিটি)ৰ সক্ৰিয় মডিউল এটাৰ এজন সদস্য আব্দুছ শুকুৰ আলীক কৰায়ত্ত কৰাৰ পিছত উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। উল্লেখনীয় যে ধৃত সেই এবিটি সদস্যজনৰ ঘৰ হ’ল ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী অঞ্চলত। স্মৰ্তব্য যে বিগত ২০২২ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ পৰা জহুৰা খাতুন নামৰ এবিটিৰ আন এগৰাকী দুৰ্ধৰ্ষ সদস্যা জালত পৰিছিল আৰক্ষীৰ। ধৃত সেই বিবাহিত মহিলাগৰাকী বাংলাদেশৰ নাগৰিক তথা এবিটিৰ আবু তাল্লাহৰ পত্নী বুলি আৰক্ষীৰ তদন্তত উন্মোচিত হোৱাৰ সমান্তৰালকৈ মহিলাগৰাকীৰ পৰা জব্দ কৰা মোবাইলৰ পৰা এবিটি সদস্যসকলে নিজৰ মাজত যোগাযোগৰ বাবে অত্যাধুনিক ডাৰ্ক ৱেব ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ তথ্যও উঠি আহিছিল। আনহাতে, চলিত বছৰৰ ২ মে’ৰ দিনা ধুবুৰী আৰক্ষীৰ জালত পৰা সন্দেহজনক এবিটি সদস্য নজৰুল ইছলামৰ ঘৰ হ’ল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী তিস্তাৰ পাৰ তৃতীয় খণ্ড গাঁৱত। উল্লেখ্য যে চলিত বৰ্ষতে ২৪ এপ্ৰিলৰ দিনা আৰক্ষীৰ অভিযানত ধুবুৰীৰ তিনিটাকৈ ভিন্ন ভিন্ন স্থানৰ পৰা জালত পৰিছিল ছফিকুল ইছলাম, মোজাহিদুল মণ্ডল আৰু বাদশা শেখ নামৰ আন তিনিগৰাকী এবিটি সদস্য। ইয়াৰে ছফিকুল ইছলামৰ ঘৰ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীত। আনহাতে, আন দুই ধৃত এবিটি সদস্য মোজাহিদুল মণ্ডল আৰু বাদশা শেখৰ ঘৰ হ’ল ক্ৰমে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সস্তাৰঘাট দ্বিতীয় খণ্ড আৰু টাকীমাৰীত। এনেদৰেই বিগত সময়ৰ পৰা বৰ্তমানলৈ ধুবুৰী জিলাত কৰায়ত্ত হোৱা অধিকাংশ এবিটি সদস্যৰ ঘৰ জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ বিশেষ কেইটামান দুৰ্গম অঞ্চল বুলিয়েই উন্মোচিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ভাৰত-বাংলাদেশৰ সেই দুৰ্গম অঞ্চলকেইটা এসময়ত গৰুৰ চোৰাং বেহাৰ কৰিড’ৰ আছিল বুলিও চৰ্চিত। ফলত স্বাভাৱিকভাৱেই জিলাখনত সক্ৰিয় বাংলাদেশী জেহাদী গোষ্ঠী এবিটিৰ মডিউলৰ সৈতে গৰুৰ চোৰাং বেহাৰ চক্ৰৰ সম্পৰ্ক আছে নেকি বুলি প্ৰশ্নও উচ্চাৰিত হৈছে। ইপিনে, যোৱা শনিবাৰৰ পুৱতি নিশা বিলাসীপাৰাৰ নায়েৰ আলগাৰ পৰা গ্ৰেপ্তাৰ কৰা আব্দুছ শুকুৰ আলীক জেৰা চলাই কি তথ্য লাভ কৰিছে, সেই সন্দৰ্ভত বৰ্তমানলৈ আনুষ্ঠানিকভাৱে একো সদৰী কৰা নাই ধুবুৰী আৰক্ষীয়ে। অৱশ্যে আজি বিয়লি ধৃত আব্দুছক ধুবুৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। ধৃত এবিটি সদস্যজনক আৰক্ষীয়ে ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured