চন্দ্রকান্ত দাসক ছুপাৰি কিলাৰ লগাই হত্যা কৰিছিল পত্নী নীলিমাই

🔹 বঙাইগাঁৱৰ পঞ্চায়ত সচিবৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল

🔹 ভাৰাতীয়া হত্যাকাৰীক আদায় দিছিল ২ লাখ : কিংপিনসহ গ্রেপ্তাৰ ৭

বিশেষ বার্তা, ১ জুলাই : বঙাহগাঁৱৰ কাশীডোবাত পঞ্চায়ত সচিব চন্দ্রকান্ত দাসৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে৷ কালি ঘটনাটোৰ পাঁচ দিনৰ অন্তত সাতজন হত্যাকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰে৷ লক্ষণীয়ভাৱে ইয়াৰ মাজত আছে স্বয়ং পঞ্চায়ত সচিবজনৰ নিজ পত্নী৷ যোৱা ২৬ জুনত বঙাইগাঁও সদৰ থানাৰ অধীনত ছিপনছিলা কাশীডোবা তিনিআলিত গুলীয়াই হত্যা কৰা হৈছিল ছিপনছিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্রকান্ত দাসক৷ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত পুনৰ ছিপনছিলা গাঁও পঞ্চায়তৰ প্রাক্তন সভানেত্রী সুবনশ্রী নার্জাৰীৰ স্বামী যশবৰ নার্জাৰীক গ্রেপ্তাৰ কৰা হৈছিল৷ কিন্তু পৰৱর্তী সময়ত আৰক্ষীৰ তদন্তত লয় নতুন মোৰ৷ যশবৰ নহয়, এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল পঞ্চায়ত সচিবগৰাকীৰ পত্নী নীলিমা কছাৰীৰ পৰিকল্পনাতে৷ পাৰিবাৰিক অশান্তিৰ কাৰণে পত্নীয়ে স্বামীক ছুপাৰি কিলাৰৰ দ্বাৰা কৰোৱাইছিল হত্যা৷ আৰক্ষীৰ তদন্তত এই তথ্য ওলাই পৰে৷ ইয়াৰ পাছতে গ্রেপ্তাৰ কৰা হয় হত্যাকাণ্ডৰ বলি হোৱা সচিব চন্দ্রকান্ত দাসৰ পত্নী কিংপিন নীলিমা কছাৰীসহ মুঠ ৭জনক৷ আৰক্ষীয়ে নীলিমা কছাৰীক অভয়াপুৰীস্থিত বাসভৱনৰ পৰা গ্রেপ্তাৰ কৰে৷ ঘটনাৰ সৈতে জড়িত বাকী ৬জনৰ ভিতৰত দুজনক ক্রমে ওদালগুৰি মাজখাতীৰ জ্যোতিষ দৈমাৰীক (৪৪) গ্রেপ্তাৰ কৰা হয় শ্বিলঙৰ পৰা আৰু চিৰাং জিলাৰ আমটেকাৰ নকুল ইশ্বৱাৰীক (৩৫) গ্রেপ্তাৰ কৰা হয় চিৰাং জিলাৰে ৰুণীখাতাৰ পৰা৷ আন তিনিজন ক্রমে কোকৰাঝাৰ জিলাৰ দোতমা বাতাবাৰীৰ সাগ্রা নার্জাৰী (২৫), গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অধীনৰ বেচোকানা পুখুৰীপাৰৰ মনোজ কুমাৰ বসুমতাৰী ওৰফে মুনিছন ওৰফে মূপুৰ আৰু গুৱাহাটী নলপাৰা দাতলপাৰাৰ জুৱেল দৈমাৰীক (৫০) গ্রেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ পৰা আৰু এজনী নীলিমা কছাৰীৰ ভনীয়েক বিনীমা কছাৰীক গ্রেপ্তাৰ কৰা হয় দুধনৈৰ পৰা৷ আৰক্ষীয়ে এই হত্যাকাণ্ডত ব্যৱহূত এএছ-২৬-৭৮২৬ নম্বৰৰ মটৰচাইকেলৰ লগতে এই হত্যাকাণ্ডত ব্যৱহূত ৭.৬৫ এমএম পিষ্টল এটা, ছয় জাঁই সক্রিয় গুলী আৰু এখন বলেৰ’ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, কালি বঙাইগাঁও আৰক্ষী অধীক্ষক মোহনলাল মীনাহ এখন সংবাদ মেলযোগে জনোৱা মতে, এই হত্যাকাণ্ডৰ মূল পৰিকল্পনা কৰিছিল সচিবগৰাকীৰ পত্নী নীলিমা কছাৰী আৰু তেওঁৰ ভনীয়েক বিনীমা কছাৰীয়ে৷ দুয়ো মিলি এই পৰিকল্পনা কৰি ভনীয়েক বিনীমাই যোগাযোগ কৰে প্রাক্তন উগ্রপন্থী মনোজ কুমাৰ বসুমতাৰী ওৰফে মূপুৰৰ সৈতে৷ বিনীমাই এই হত্যাকাণ্ডৰ বিনিময়ত দুই লাখ টকাৰ চুক্তি কৰিছিল মূপুৰৰ সৈতে৷ ইয়াৰ পিছত মূপুৰে আন তিনিজনৰ সৈতে যোগাযোগ কৰিছিল৷ হত্যাৰ বিনিময়ত চুক্তি মতে ভাৰাতীয়া হত্যাকাৰীক দিছিল দুই লাখ টকা৷ ইপিনে যোৱা বুধবাৰে সচিবগৰাকীক গুলীয়াই হত্যা কৰা ঘটনাত ঘটনাস্থলীত উপস্থিত আছিল সাগ্রা নার্জাৰী আৰু নকুল ইশ্বৱাৰী৷ সচিবজনক গুলীয়াইছিল সাগ্রা নার্জাৰীয়ে৷ আৰক্ষীৰ অভিযানত পিষ্টলটো উদ্ধাৰ কৰা হয় জুৱেল দৈমাৰীৰ পৰা৷ জুৱেলে পিষ্টলটো নাগালেণ্ডৰ পৰা ক্রয় কৰা বুলি জানিবলৈ দিছে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, হত্যাৰ বলি হোৱা পঞ্চায়ত সচিবগৰাকীৰ নাৰীজনিত সম্পর্ক থকাৰ সন্দেহ কৰিছিল পত্নী নীলিমাই৷ যাৰ বাবে নীলিমাই নিজ ভনীয়েক বিনীমাৰ সৈতে যোগাযোগ কৰি পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰে৷ উল্লেখ্য যে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ দুদিন পূর্বেই এহ হত্যাৰ পৰিকল্পনা কৰাৰ বাবে হত্যাকাৰীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈছিল বুলি জানিবলৈ দিয়া হৈছে৷

প্ৰেৰক উপানন্দ শৰ্মা

Featured