চিকিৎসকৰ গাফিলতিত কলগাছিয়াৰ হাফিজ আহমেদৰ মৃত্যুৰ অভিযোগ

🔹 গুৱাহাটীৰ ডাউন টাউন হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৬ মে’ : গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। চিকিৎসকৰ গাফিলতিৰ বাবে চিকিৎসাধীন অৱস্থাত যোৱা ১৬ মে’ত কলগাছিয়াৰ বিশিষ্ট ব্যৱসায়ী হাফিজ ইদ্ৰিছ আলী আহমেদ(৬৩)ৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে । কলগাছিয়াত সংবাদ মেলৰ জৰিয়তে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে ৰোগীৰ আত্মীয়ই। ডাউন টাউন হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আত্মীয়ই। চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতি আৰু চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে কলগাছিয়াৰ বিশিষ্ট ব্যৱসায়ী হাফিজ ইদ্ৰিছ আলী আহমেদৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে। চিকিৎসালয়ত অনভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনা অনুমতিৰে অপাৰেচন কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে। ফলত ভুল অপাৰেচনৰ বাবে ৰক্তক্ষৰণ হৈ হাফিজ ইদ্ৰিছ আলী আহমেদৰ মৃত্যু হোৱাৰ অভিযোগ কৰে। তদুপৰি ৰোগীৰ মৃত্যুৰ পিছত প্ৰকৃত কাৰণ জনোৱা নাই অভিভাৱকক। লগতে ৰহস্যজনকভাৱে চিকিৎসকৰ পৰিচয় গোপন ৰখা বুলি অভিযোগ উত্থাপন কৰিছে সংবাদ মেলত। আনহাতে, চিকিৎসালয়খনত বহু অনভিজ্ঞ ভাৰাতীয়া চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰা হয় বুলিও সংবাদ মেলযোগে অভিযোগ উত্থাপন কৰিছে ৰোগীৰ ভাতৃ ডাঃ ইমান আলী আহমেদ আৰু পুত্ৰ ডাঃ নজৰুল ইছলামে। উল্লেখযোগ্য যে বিশিষ্ট ব্যৱসায়ী হাফিজ ইদ্ৰিছ আলী আহমেদক কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হোৱাত গুৱাহাটী এপলো হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু স্বাস্থ্যৰ কোনো পৰিৱৰ্তন নোহোৱাত উন্নত চিকিৎসাৰ আশাৰে এয়াৰ এম্বুলেন্সেৰে দিল্লীৰ ব্যক্তিগত চিকিৎসালয় এখনত ভৰ্তি কৰে। তাতো সন্তোষজনক চিকিৎসা নোপোৱাত দিল্লীৰ ইন্টাৰনেচনেল হাস্পতাল মেক্সত ভৰ্তি কৰোৱা হয়। প্ৰায় এমাহ কাল তাতে চিকিৎসাধীন হৈ প্ৰায় ৮০ শতাংশ সুস্থ হোৱাৰ পিছত তাৰ পৰা আকৌ গুৱাহাটীৰ ডাউন টাউন হাস্পতাললৈ অনা হয়। শেহতীয়াকৈ হাওঁফাওঁত জমা হোৱা পানী নিষ্কাশন কৰা মুহূর্তত চিকিৎসকৰ গাফিলতিৰ কাৰণে পানীৰ সৈতে অধিক তেজ নিৰ্গত হোৱাৰ ফলত তেজশূন্য হৈ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে ৰোগীৰ আত্মীয়ই। শনিবাৰে সংবাদ মেলৰ আয়োজন কৰি ৰোগীৰ আত্মীয়ই এইদৰে অভিযোগ উত্থাপন কৰিছে।

প্ৰেৰক মফিদুল ইছলাম

Featured