মানকাচৰৰ ফুলেৰচৰ গাঁও পঞ্চায়তৰ গাঁওপ্ৰধান ছাইদুল হকক নিলম্বন

🔹 চৰকাৰী কাম-কাজ কৰি দিয়াৰ বাবদ ধন সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছত ৰাজ্যখনৰ বিভিন্ন জিলাত বিভিন্ন বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই বহু বিষয়া-কৰ্মচাৰীক জে’ল হাজোতলৈ প্ৰেৰণ কৰা  পৰিলক্ষিত হৈছে। কিন্তু ঘোচখোৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এতিয়াও মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাই সৰ্বসাধাৰণ লোকৰ পৰা বিভিন্ন কাম-কাজ কৰি দিয়াৰ বাবদ উৎকোচ লোৱাটো এক নিয়মত পৰিণত হৈছে। কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ  ফুলেৰচৰৰ গাঁওপ্ৰধানে আয়ৰ  প্ৰমাণ-পত্ৰ দিয়াৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা ঘটনা সামাজিক মাধ্যমত ভাইৰেল হোৱাত সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ডৰ ১১নং লাটৰ গাঁওপ্ৰধান ছাইদুল হকে ৰাইজৰ পৰা প্ৰকাশ্যে আয়ৰ প্ৰমাণ-পত্ৰ দিয়াৰ বাবদ ধন লোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হোৱাত মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ দৃষ্টিগোচৰ হয় আৰু গাঁওপ্ৰধান ছাইদুল হকক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল। কিন্তু গাঁওপ্ৰধান ছাইদুল হকৰ পৰা ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সন্তোষজন উত্তৰ নোপোৱা বাবে মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই গাঁওপ্ৰধান ছাইদুল হকক নিলম্বনৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা আয়ুক্তলৈ ৰিপ’ৰ্ট পঠোৱা হৈছিল। উক্ত ৰিপ’ৰ্টৰ ভিত্তিত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ডৰ ১১নং লাটৰ গাঁওপ্ৰধান ছাইদুল হকক নিলম্বন কৰে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured