ইটাভৰ্তি বাহনৰ খুন্দাত থিতাতে নিহত কণমানি ছাত্ৰী

🔹 কলিয়াবৰৰ আখিৰঙাত শোকাৱহ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৪ মে’ : কলিয়াবৰৰ আখিৰঙাত আজি দুপৰীয়া প্ৰায় ১ বজাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। হাটবৰ-বামুণী সংযোগী পথত ইটাভৰ্তি বাহনৰ খুন্দাত নিকিতা শইকীয়া নামৰ এগৰাকী ছাত্ৰী থিতাতে নিহত হয়। জানিব পৰা মতে, কলিয়াবৰ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ছুটীৰ পিছত ঘৰলৈ যায়। ঘৰৰ সন্মুখত টেম্পোৰ পৰা নামি ৰাস্তা পাৰ হওঁতেই ইটাভৰ্তি বাহনখনে ছাত্ৰীগৰাকীক খুন্দিয়ায়। দুৰ্ঘটনা সংঘটিত কৰি ইটাভৰ্তি বলেৰ’ বাহনখনে পলায়ন কৰে। দুৰ্ঘটনাটোত ছাত্ৰীগৰাকী থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই কলিয়াবৰৰ আখিৰঙা গাঁৱত শোকাকুল পৰিৱেশ সৃষ্টি হয়। কণমানি সন্তানৰ মৃত্যুত মাতৃ-পিতৃ, আইতাকৰ লগতে পৰিয়ালৰ সদস্যই কান্দি কান্দি অচেতন হৈ পৰে ।আটাইকে এম্বুলেঞ্চৰ জৰিয়তে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে পথ দুৰ্ঘটনাত নিহত হোৱা কণমানিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ইটাভৰ্তি বলেৰ’ বাহনখন ইতিমধ্যে জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে।

প্ৰেৰক দিগন্ত মহন্ত

Featured