ফাইজানৰ হত্যাত আইআইটি খড়গপুৰ কৰ্তৃপক্ষ জড়িতৰ অভিযোগ দুৰ্ভগীয়া মাতৃৰ

🔹 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আবেদন পৰিয়ালৰ

বিশেষ বাৰ্তা, ১৫ জুন : ফাইজানক কোনে আৰু কিয় হত্যা কৰিলে ? মোক এতিয়া হত্যাকাৰীক লাগে। কিয় তাক ইমান নিৰ্মমভাৱে হত্যা কৰা হ’ল? কিয় তাক ইমান নিষ্ঠুৰভাৱে হত্যা কৰা হ’ল ? সি ইমানো বেয়া ল’ৰা নাছিল। এতিয়া মোৰ এটাই দাবী যে মোক হত্যাকাৰীক লাগে আৰু এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছোঁ, যাতে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে ন্যায় পাবলৈ সক্ষম হয়।- আজি এনেদৰেই খড়গপুৰ আইআইটিৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মাতৃ ৰেহানা বেগমে সাংবাদিকৰ আগত চকুলো টুকি সদৰী কৰে। মাতৃগৰাকীয়ে পুনৰ কয় যে কলকাতাৰ উচ্চ ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু দুগৰাকী অধিবক্তাৰ বাবেই আজি দুৰ্ভগীয়া পৰিয়ালটোৱে ইমান পৰ্যায় পাবলৈ সক্ষম হৈছে। আনহাতে, একমাত্ৰ সন্তান ফাইজানক হেৰুৱাই মাতৃগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয়- মই খাটাংকৈ ক’ব নোৱাৰিম, কিন্তু ফাইজানক খড়্গপুৰ আইআইটিৰ হাস্পতালত দুদিনকৈ ৰাখি থৈছিল। হাস্পতালত দুদিন ৰখাৰ পাছতহে মৃতদেহটো হোষ্টেলত ৰাখিছিল। অৰ্থাৎ সমগ্ৰ ঘটনাটোৰ লগত আই আই টি খড়গপুৰ কৰ্তৃপক্ষ জড়িত হোৱাৰ লগতে পূৰ্বপৰিকল্পিত আছিল। এই ঘটনাৰ লগত কোনো ছাত্ৰ জড়িত নহয় বুলিও দুৰ্ভগীয়া মাতৃগৰাকীয়ে দাবী কৰি ইয়াৰ বাবে সম্পূৰ্ণৰূপে আইআইটি খড়গপুৰক জগৰীয়া কৰে। তেওঁ আৰু অভিযোগত কয় যে যদিহে ছাত্ৰ জড়িত থাকিলহেঁতেন,তেন্তে তেনে ছাত্ৰক বহিষ্কাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। কিন্তু তেনে নকৰি ওলোটাই কৰ্তৃপক্ষই আমাৰ ওপৰত গোচৰ দিয়া, প্ৰকৃত ঘটনাটো গাপ দিবলৈ চেষ্টা কৰি আত্মহত্যাৰ ৰূপ দিয়া, বহুত উকীলে কৰ্তৃপক্ষৰ হৈ যুঁজ দিয়া, আৰক্ষীয়েও কৰ্তৃপক্ষকহে সহযোগ কৰি সমগ্ৰ ঘটনাটো আত্মহত্যা বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে। এগৰাকী ছাত্ৰই নিজ কেৰিয়াৰৰ প্ৰতি লক্ষ্য ৰাখি ইমান তললৈ গৈ কোনো ছাত্ৰক চৌহদৰ ভিতৰত হত্যা কৰিব নোৱাৰে বুলি মাতৃগৰাকীয়ে ক্ষোভেৰে ব্যক্ত কৰে। হয়তো,ফাইজানে কৰ্তৃপক্ষৰ কিবা কথা ধৰা পেলাইছিল বা জানিছিল, সেইবাবেই হয়তো ফাইজানক ইমান নিষ্ঠুৰভাৱে হত্যা কৰিলে। আনহাতে, ফাইজানৰ পিতৃ চেলিম আহমেদেও খড়গপুৰ আইআইটি কৰ্তৃপক্ষক জগৰীয়া কৰি ন্যায়ৰ বাবে দাবী জনায়। আইআইটিৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল।কিন্তু ২০২২ চনৰ ১৫ অক্টোবৰত কৰা মৰণোত্তৰ প্ৰতিবেদনত হত্যা কৰাৰ কোনো স্পষ্ট প্ৰমাণৰ কথা উল্লেখ নাছিল। আনহাতে, পৰিয়ালৰ লোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আবেদন কৰাত দ্বিতীয় মৰণোত্তৰ প্ৰতিবেদনৰ পাছত অতি নৃশংসভাৱে ফাইজানক হত্যা কৰাৰ কথা স্পষ্ট হৈ পৰে আৰু তাৰ পাছতে সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি হয়। খড়গপুৰ আইআইটিৰ মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ যোৱা ২০২২ৰ ১৪ অক্টোবৰত উদ্ধাৰ কৰাৰ পাছত ১৬ অক্টোবৰত ফাইজানক ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থানত সমাধিস্থ কৰা হৈছিল। ফাইজানৰ মাতৃ ৰেহেনা বেগম তথা পৰিয়ালে মৃতদেহ প্ৰত্যক্ষ কৰি হত্যাকাণ্ড বুলি বাৰম্বাৰ দাবী কৰাৰ পাছতো কলকাতা আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত সমগ্ৰ বিষয়টো চিবিআইৰ হাতত পৰিছিলগৈ। পৰৱৰ্তী কালত এই সমগ্ৰ ঘটনা চিবিআইৰ তদন্তত হত্যাকাণ্ড বুলি পোহৰলৈ আহে। তদন্তত ফৰেনছিক চিকিৎসকগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত কৰা ফটোগ্ৰাফীত কিছু বিসংগতি দেখা গৈছিল। মৃতদেহটোত আঘাতপ্ৰাপ্ত ঠাইসমূহৰ ফটোগ্ৰাফী কৰা হোৱা নাছিল। চিকিৎসকগৰাকীৰ এইক্ষেত্ৰত কিছু সন্দেহ ওপজাত তেওঁ ফাইজানৰ মৃত্যু আত্মহত্যা নহয় হত্যাহে বুলি উল্লেখ কৰি মৃতদেহটো পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। চিবিআয়ে ন্যায়ালয়ত কৰা আবেদন অনুসৰি যোৱা ২০২৩ চনৰ ২৫ এপ্ৰিলত মৃতদেহ কবৰৰ পৰা খান্দি পুনৰ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল। সেই অনুসৰি ২০২৩ চনৰ ২৩ মে’ত ফাইজানৰ মৃতদেহ আমোলাপট্টি কবৰস্থানৰ কবৰত খনন কৰি উলিওৱা হৈছিল। খননৰ সময়ত পশ্চিমবংগ খড়গপুৰৰ তদন্তকাৰী বিষয়া বিশ্বৰঞ্জন বেনাৰ্জীসহ চাৰিজনীয়া এটা দল, ডিব্ৰুগড়ৰ ফৰেনছিক বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশেষজ্ঞ ডাঃ ৰেনুকা ৰংপি, গুৱাহাটীৰ ফৰেনছিক সঞ্চালকালয়ৰ চাৰিগৰাকী বিশেষজ্ঞ আৰু ফাইজানৰ অভিভাৱক, দণ্ডাধীশ গৌতম প্ৰিয়ম মহন্ত, ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) বিতুল চেতিয়া আৰু কবৰস্থান কমিটীৰ বিষয়ববীয়া উপস্থিত আছিল। বিগত বৰ্ষৰ ২৪ মে’ত কলকাতা অভিমুখে নিয়াৰ পাছত পুনৰ ২৭ মে’ত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল অসমৰ মেধাৱী ছাত্ৰজনৰ।

প্ৰেৰক বিভাস দুৱৰা

Featured