জখলাবন্ধাত হাতীমুৰাৰ মথাউৰি ভাঙি কলঙেদি সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী

বিশেষ বাৰ্তা, ২ জুলাই : চলিত বৰ্ষৰ বাৰিষাতেই ব্ৰহ্মপুত্ৰৰ পানী কলং নৈৰে নিয়ন্ত্ৰিত ৰূপত বোৱাই নিয়াৰ বাবে চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কলং উজ্জীৱিতকৰণ আঁচনিৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে।  কিন্তু চৰকাৰৰ এই পদক্ষেপৰ বিপৰীতে ব্ৰহ্মপুত্ৰ নদীৰ পানী আজি নিজেই কলঙেদি সোমাই আহি কলিয়াবৰত বিভীষিকাৰ সৃষ্টি কৰিছে। আজি পুৱা ব্ৰহ্মপুত্ৰই জখলাবন্ধাৰ সমীপৰ হাতীমুৰাৰ মথাউৰি ভাঙি কলঙৰ মুখেদি হোৰে হোৰে পানী সোমাই আহে। কলঙৰ পানী নিয়ন্ত্ৰিত ৰূপত বোৱাই ৰখাৰ বাবে  কলিয়াবৰৰ হাতীমুৰাত এছ অ’ পি ডি আঁচনিৰ অধীনত ২০ কোটি টকা ব্যয় সাপেক্ষে জেদ ইঞ্জিনীয়াৰিঙে নিৰ্মাণ কৰা শ্লুইচ গেটৰ কাষৰ অংশৰ মঠাউৰি ব্ৰহ্মপুত্ৰ নদীয়ে ভাঙি বাঢ়নি পানী কলঙৰ মুখেৰে সোমোৱাত আতংকিত হৈ পৰিছে কলিয়াবৰৰ লগতে নগাঁওবাসী ৰাইজ। বাঢ়নি পানীয়ে কলিয়াবৰৰ জখলাবন্ধাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে। জখলাবন্ধা বজাৰ ইতিমধ্যে  জলমগ্ন হৈছে।  ঢেকিয়াল, কটিয়ৰি, ভাগৱতী গাঁও, দুলাল মাধৱ, মাধতাৰি, বৰভকতি আদি বিভিন্ন গাঁও পানীয়ে প্লাবিত কৰিছে। ন -ন অঞ্চললৈ পানী বাগৰি থকাত পৰিস্থিতি জটিল হৈ পৰিছে। ইতিমধ্যে পানীৰ আতংকত বহু পৰিয়ালে নিজৰ বস্তু-বাহানি সামৰি নিৰাপদ স্থানত আশ্ৰয় লব লগা হৈছে। জখলাবন্ধাৰ চৰকাৰী ,কাৰ্যালয়, শিক্ষানুষ্ঠান সমূহ ইতিমধ্যে জলমগ্ন হৈছে। পোহনীয়া জীৱ -জন্তুৰ বিলৈ বিপত্তি নোহোৱা হৈছে। ৩৫টাৰো অধিক পশুধন বাঢ়নি পানীত উটি গৈছে বুলি জানিব পৰা গৈছে। খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হৈছে। কলং নৈত সোমাই অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে কলিয়াবৰৰ গোমোঠা গাঁৱৰ ওচৰত কলং নৈৰ ওপৰৰ এখন ফুটব্ৰীজ ভাঙি পেলোৱাত সেই পথেৰে যাতায়ত ব্যাহত হৈ পৰিছে। কলং নৈয়েদি সোমাই অহা ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমশ নগাঁও চহৰৰ দিশে অগ্ৰসৰ হোৱাত নগাঁওবাসী আতংকিত হৈ পৰিছে। নগাঁও জিলাৰ বৃহৎ অংশৰ ৰাইজ ভয়ংকৰ বানপানীৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।আজি নগাঁও পৌৰসভাই নগাঁও চহৰৰ কলংপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ মাইকযোগে আহ্বান জনোৱাত নগাঁওবাসী চিন্তিত হৈ পৰিছে। উল্লেখ যে হাতীমুৰাৰ মথাউৰি ভাঙি সমগ্র কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ পানী কলঙেদি সোমাই আহি বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ২০১৭ চনত বানে ভঙা অংশত ২০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা শ্লুইচ গেটৰ লগতে মঠাউৰি ভঙা অংশ পুনৰ নিৰ্মাণ কৰিছিল যদিও কামৰ মানদণ্ড দুৰ্বল হোৱাৰ বাবে আজি পুনৰ মঠাউৰি ভাঙি কলিয়াবৰবাসীলৈ চকুলো বোৱাই আনিলে বুলি কলিয়াবৰত চৰ্চা চলিছে। আজি মঠাউৰি ভগাৰ পিছতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।  সংবাদ মাধ্যমৰ আগত মন্ত্ৰী মহন্তই কয় যে এইটো দুৰ্ভাগ্যজনক ঘটনা। মথাউৰি ভগা সন্দৰ্ভত অনুসন্ধান কৰা হব বুলি উল্লেখ কৰি মহন্তই কয় যে কলিয়াবৰৰ ৰাইজক এই সময়ত চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰা হব। ইপিনে, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু কলিয়াবৰ মহকুমাধিপতি লিজা তালুকদাৰে কলিয়াবৰৰ বান পৰিস্থিতিৰ বুজ লয় আৰু সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ পদক্ষেপ গ্ৰহণ কৰে।জখলাবন্ধা, হাটবৰ আদিত বাঢ়নি পানী ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষ পাইছে। নিশালৈ এই পথৰ ওপৰেৰে পানী বাগৰাৰ সম্ভাৱনা আছে।
প্ৰেৰক কনক হাজৰিকা
Featured