নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ভাঙিল কোটিটকীয়া পানী যোগান আঁচনি

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ কামৰূপৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অধীনস্থ নগৰবেৰাৰ খামেৰী-মাজৰগাওঁ স্থিতত বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ লেহেমীয়া আৰু নিম্নমানৰ নিৰ্মাণ কাৰ্যৰে ৰাইজক আভুৱা ভাৰা বুলি অভিযোগ উত্থাপন হৈছে। হৰ ঘৰ নল ,হৰ ঘৰ জল শ্ল’গানেৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা জলজীৱন মিছন আঁচনিয়ে দেশৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ খামেৰী-মাজৰগাঁও বৃহত্তৰ অঞ্চলৰ প্ৰায় ২৬০টাকৈ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে আঁচনি হাতত লৈছিল। ৯৮ লাখ ৬৮ হাজাৰ অৰ্থাৎ প্ৰায় কোটিটকীয়া ব্যয় সাপেক্ষ উক্ত আঁচনি ৰূপায়ণৰ কাম বিভাগীয়ভাবে গুৱাহাটীৰ দাস উপাধিৰ ঠিকাদাৰ এজনে কামৰ দায়িত্ব লাভ কৰে। পিছে প্ৰায় তিনিবছৰৰ পূৰ্বে কামৰ আৰম্ভ কৰিও আজিলৈকে কাম সম্পূৰ্ণ কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। প্ৰাপ্ত তথ্য মতে, চৰকাৰে বান্ধি দিয়া নীতি-নিয়মক সম্পূৰ্ণৰূপে জলাঞ্জলি দি আঁচনিৰ বিপৰীতে অতি নিম্নমানৰ কাম হোৱা বুলিও সৰ্বসাধাৰণ ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইপিনে আঁচনিত উল্লেখ থকা মতে গৃহ আৰু দেৱালৰ কামতো অতি নিম্নমানদণ্ডৰ ইটা ব্যৱহাৰ কৰাৰ লগতে দুৰ্নীতি অনিয়মৰে অতি নিম্নমানৰ কাম কৰাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ আগতে অৰ্থাৎ নিৰ্মীয়মাণ অৱস্থাতে ভাঙি ছিঙি প্ৰকাণ্ড প্ৰকাণ্ড ফাঁট মেলাৰ বিপৰীতে ঠাইয়ে ঠাইয়ে জহিখহি বিধ্বস্ত হৈ পৰিছে৷ কেৱল সেয়াই নহয় আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত হোৱা নিম্নমানৰ কাম আৰু লেহেমীয়া গতিয়ে আঁচনিখন যে কেতিয়াবা সম্পূৰ্ণ হব, বৃহত্তৰ অঞ্চলৰ ৰাইজে পানী যে খোৱাপানী টুপি পাবলৈ সক্ষম হ’ব তাক লৈও ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে। নগৰবেৰা অঞ্চলৰ কেইবাটাও কাম একে লগে আৰম্ভ কৰি শেষ হ’ল যদিও আজিলৈকে খামেৰী মাজৰগাওঁ পানী যোগানৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে বিভাগীয় ঠিকাদাৰে। প্ৰাপ্ত অভিযোগ মতে, আঁচনিখন ৰূপায়ণৰ বাবে দ ঠাই বাছনি কৰাৰ পিছত দায়িত্বত থকা ঠিকাদাৰে ততাতৈয়াকৈ কেৱল ৰঙা মাটিৰে পুৰ কৰি তাৰ ওপৰতে নিৰ্মাণকাৰ্য চলায়, অভিযোগ অনুসৰি অতি নিম্নমানেৰে কাম কৰাৰ বাবেই নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই পানীৰ ট্ৰেংক, দেৱাল, নলা আদিবোৰ ভাঙি-ছিঙি বিধ্বস্ত হৈ পৰিছে ৷ ইপিনে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পাইপ বহুওৱা হৈছিল যদিও পকী পথৰ নিচেই কাষে কাষে পাইপ বহুওৱাত পথ বহলালে পানীৰ পাইপবোৰ বিনষ্ট হোৱাৰো সম্ভৱনা ব্যক্ত কৰিছে গাঁৱৰ ৰাইজে৷ উল্লেখযোগ্য যে আঁচনিখন ২০২৪ ৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগে যদিও লেহেমীয়া নিৰ্মাণ কাৰ্যৰ বাবে বৰ্তমান আধাও আগ নবঢ়াত নিৰ্ধাৰিত সময়ত যে সম্পূৰ্ণ নহব সেয়াই নিশ্চিত হৈ পৰিছে৷ ইপিনে এনে অৱস্থাত বিশুদ্ধ খোৱাপানীৰ অভাৱত জুৰুলা গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱাপানী টুপিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ শীঘ্ৰে খামেৰী মাজৰগাঁও নিৰ্মীয়মাণ বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ কামত সংঘটিত দুৰ্নীতি অনিয়মৰ এক উচ্চ পৰ্যায়ৰ তদন্ত সাপেক্ষে চৰকাৰী কামত দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে কামৰ দায়িত্বত থকা বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধেও অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ। শীঘ্ৰে খামেৰী মাজৰগাঁৱৰ পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ, কামৰূপ জিলা আয়ুক্তৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ সৰ্বসাধাৰণ ৰাইজে দাবী জনাইছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured