শিশু কন্যাৰ ওপৰেৰে পাৰ হৈ গ’ল স্কুটীৰ  চকা

🔹 ৰাখে হৰি মাৰে কোনে !
নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰ : ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ! দ্ৰুতবেগী স্কুটী এটি কণমানিৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়। অথচ বিন্দুমাত্ৰও আঘাত পোৱা নাই চাৰি বছৰীয়া কণমানিটিয়ে। কালি ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ কাছাৰ জিলাৰ কালাইন কলেজ ৰোডত সংঘটিত গৈছে।  দুজন আৰোহী থকা স্কুটীৰ দুটা চকা দৌৰি যোৱা চাৰি বছৰীয়া কিশোৰীৰ ওপৰেৰে পাৰ হৈ যায়।  সমগ্ৰ ঘটনাটো কাষৰ ঘৰৰ চি চি টিভি কেমেৰাত ধৰা পৰে।  প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কালি দিনৰ প্ৰায় ১.৩০ বজাত কালাইন কলেজ ৰোডৰ বাসিন্দা সুভাষ দাসৰ চাৰি বছৰীয়া কন্যা ঋষা দাসে ভগ্নীৰ সৈতে স্কুলৰ পৰা ঘৰলৈ আহি আছিল। তেনে সময়তে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মহাবিদ্যালয়লৈ যোৱাৰ পথত সত্যৰঞ্জন মহাবিদ্যালয়ৰ দুজন ছাত্ৰই ককাকে দিয়া স্কুটীখনেৰে গৈ থকা অৱস্থাত হঠাতে ঋষা দাসে স্কুটীখনৰ সন্মুখত অহাত  স্কুটীখন‌  ঋষাৰ কঁকালৰ ওপৰেৰে পাৰ হৈ যায়।  দুজন আৰোহী থকা স্কুটীৰ দুয়োটা চকা ঋষাৰ ওপৰেৰে পাৰ হৈ যায় যদিও  ঋষা নিমিষতে থিয় হৈ উঠে। স্কুটীখন পাৰ হৈ যায় যদিও  ঋষাই বিশেষ কষ্ট পোৱা নাছিল।  ঋষাৰ বাঁও ভৰিৰ আঁঠুৰ তলত কিছু তেজ ওলায় । ঘটনাৰ পিছত স্থানীয় ৰাইজে ঋষাক চিকিৎসাৰ বাবে ওচৰৰ কালাইন চিকিৎসালয়লৈ লৈ যায় । বৰ্তমান ঋষাৰ শাৰীৰিক অৱস্থা ভাল যদিও বাঁও ভৰিখনত  অলপ আঘাত পাইছে।

 

প্ৰেৰক গৌতম তালুকদাৰ

Featured