দুই কণমানিসহ ব্রহ্মপুত্রত জঁপিয়ালে সেনা জোৱানৰ পত্নীয়ে

🔹 বগীবিলত অঘটন : হোৱাটছএপত ছ’ৰী বাচ্চ’ ষ্টেটাছ

🔹 এটি সন্তানক বুকুত বান্ধি লৈ থকাৰ বিপৰীতে আনটোক ধৰি আছিল হাতত

বিশেষ বার্তা,  ২ ছেপ্টেম্বৰ : ডিব্রুগড়ৰ বগীবিল দলঙত কালি সন্ধিয়া সংঘটিত এক ঘটনাই সমগ্র ৰাজ্যকে জোকাৰি গৈছে৷ ভাৰতীয় সেনাৰ লিকাবালিস্থিত জিআৰপিএফত কর্মৰত এজন জোৱানৰ পত্নীয়ে দুই কণমানিক লৈ জাঁপ দিয়ে ব্রহ্মপুত্রত৷ ঘটনা সন্দর্ভত প্রাপ্ত তথ্য অনুসৰি নিজৰ হোৱাটছএপত ছ’ৰী বাচ্চ’ বুলি মহিলাগৰাকীয়ে ষ্টেটাছত আপডেট দিছিল৷ সন্ধিয়া প্রায় ৬ বজাত মহিলাগৰাকীয়ে ঘটনা সংঘটিত কৰাৰ সময়ত এটি সন্তানক বুকুত বান্ধি লৈ থকাৰ বিপৰীতে আনটোক ধৰি আছিল হাতত৷ চর্চা অনুসৰি আত্মহনন কৰা মহিলাগৰাকী মহাৰাষ্ট্রৰ৷ তেওঁৰ স্বামী ভাৰতীয় সেনা বাহিনীৰ লিকাবালিস্থিত জিআৰইএফত কর্মৰত এজন জোৱান৷ নাম নাগনাথ উদগেৰে৷ স্থানীয় লোকে ব্রহ্মপুত্রৰ পাৰত তিনিযোৰ চেণ্ডেল, এটা বেগ আৰু ম’বাইল ফোন উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দর্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে৷ সন্ধিয়া প্রায় ৬ বজাত সংঘটিত এই ঘটনাক কেন্দ্র কৰি চাঞ্চল্য বিৰাজ কৰাৰ মাজতে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখি সেনা জোৱান নাগনাথ উদগেৰক আটক কৰিছে৷ এই ঘটনাৰ আঁৰত পাৰিবাৰিক সংঘাত থকাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷ নিশা হোৱা বাবে উদ্ধাৰকাৰী দলে বৰলুইতৰ বুকুত অভিযান চলাবলৈ সক্ষম নহ’ল৷ কিন্তু সমগ্র ঘটনাক কেন্দ্র কৰি বর্তমানেও চাঞ্চল্য অব্যাহত আছে৷ বিশেষকৈ এটি পাঁচ বছৰীয়া আৰু আনটো সাত বছৰীয়া সন্তানক লৈ কি কাৰণত এগৰাকী মহিলাই ব্রহ্মপুত্রৰ বুকুত আত্মহননৰ সিদ্ধান্ত ল’লে, তাক লৈ সর্বত্র চর্চা হৈছে৷ এই ক্ষেত্রত আৰক্ষীৰ অনুসন্ধানেহে প্রকৃত তথ্য পোহৰলৈ আনিব৷

প্ৰেৰক বিভাষ দুৱৰা

Featured