ঠিকাদাৰ-অভিযন্তাক ধমক বিধায়ক পদ্ম হাজৰিকাৰ

🔹 দীঘলীগাঁৱত পকীপথ নিৰ্মাণত বিসংগতি

🔹 মুনাফালোভী ঠিকাদাৰ মদন প্ৰসাদক কাম ভালদৰে কৰিবলৈ সকীয়নি

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলী আদৰ্শ গাঁৱত কে কে ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ তত্ত্বাৱধানত দীঘলীগাঁও হৈ বালিপৰা-লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পকীপথটো নিৰ্মাণত সংঘটিত হৈছে অনিয়ম। ঠিকাদাৰ, অভিযন্তাই ব্যক্তিগত মুনাফা লাভৰ বাবে পথটো নিৰ্মাণৰ সময়ত মাটিৰ ওপৰতে বিটুমিন দি গাফিলতি কৰি নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ দুদিনমান পিছতে পথটোৰ অধিকাংশ খলপা খলপে এৰাই যোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজ । পথটোৰ নিৰ্মাণ ইমানেই নিম্নমানৰ আছিল যে ৰাইজে খালী হাতেৰে পথটো খলপা খলপে এৰুৱাবলৈ সক্ষম হোৱাত খৰ্গহস্ত হৈ পৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ ঠিকাদাৰৰ মুনাফালোভী কৰ্মকাণ্ড, অভিযন্তাৰ গাফিলতিৰ উমান পায়। লগে লগে বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়ক পদ্ম হাজৰিকাকো খবৰ দিয়া হয় আৰু ৰাইজে জবাবদিহি কৰে অভিযন্তাক। তাৰ পিছতে পথটোৰ নিৰ্মাণৰ কাম বন্ধ কৰা হয়। আজি উক্ত পথটোৰ নিৰ্মাণত অনিয়মৰ তদন্ত কৰিবলৈ দীঘলী আদৰ্শ গাঁৱত উপস্থিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। হাজৰিকাই স্থানীয় ৰাইজৰ উপস্থিতিত পথটো পৰ্যবেক্ষণ কৰাত পথটোৰ নিৰ্মাণকাৰ্যৰ গাফিলতিসমূহ প্ৰত্যক্ষ কৰে । হাজৰিকাই লগে লগে কে কে ট্ৰেডাৰ্ছৰ মিছামাৰীৰ মদন প্ৰসাদ, গড়কাপ্টানী বিভাগৰ অভিযন্তা, গড়কাপ্টানী বিভাগৰ বিষয়াক পথটো বিসংগতিপূৰ্ণকৈ নিৰ্মাণ কৰাৰ বুলি জবাবদিহি কৰি অনতিপলমে পথটো সম্পূৰ্ণ বিসংগতিমুক্ত কৰি পুনৰ নিৰ্মাণ কৰিবলৈ কৈ যদিহে পুনৰ এনে গাফিলতি সংঘটিত হয় তেন্তে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি প্ৰদান কৰে । আনহাতে, বিধায়কগৰাকীৰ ধমক খাই ঠিকাদাৰ, অভিযন্তায়ো পথটো পুনৰ সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিয়াৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে । লক্ষণীয় বিষয় যে উক্ত পথটোৰে চাৰিদুৱাৰ, ভকতগাঁও, দীঘলী আদৰ্শ গাঁও, বালিপৰা ইত্যাদি বিভিন্ন অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰে পৰা যাতায়াত কৰি আহিছে । বৰ্তমান সময়ত কে কে ট্ৰেডাৰ্ছ নামৰ নিৰ্মাণকাৰী সংস্থাৰ ঠিকাদাৰৰ মুনাফালোভী কৰ্মকাণ্ডত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured