ঢকুৱাখনাৰ বোকাময় পথাৰত ব্যস্ত জাক জাক ৰোৱনী

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, ৫ জুলাই : এফালে আহাৰমহীয়া বানত বিধ্বস্ত ৰাজ্য। ৰাজ্যত বান পৰিস্থিতিৰ ভয়াৱহ ৰূপ। প্ৰলয়ংকৰী বানত জনতাৰ হাহাকাৰ।আনফালে ব্যস্ততা বাঢ়িছে চহা কৃষকৰ।বৰষাৰ বৰষুণজাকৰ লগে লগেই সেউজ সপোনবোৰ বুকুত বান্ধিয়েই গাঁৱৰ চহা কৃষকৰ বাঢ়িছে ব্যস্ততা। স-গৰ্ভা হৈ পৰা হৈ পৰা পথাৰখনৰ লগতে একাত্ম হৈ পৰিছে  কৃষিজীৱী জনতা।একালৰ বান বিধ্বস্ত ঢকুৱাখনাৰ পথাৰত এতিয়া দেখা গৈছে কৃষকৰ ব্যস্ততা।কৃষিজীৱি পৰিয়ালৰ ডেকা-বুঢ়াৰ পৰা আদি কৰি সকলো ব্যস্ত হৈ পৰিছে এতিয়া খেতিপথাৰত।ঢকুৱাখনাৰ প্রান্তে প্রান্তে বোকাময় পথাৰত চলিছে সৃষ্টিৰ আখৰা। কাৰণ,নাঙলৰ সীৰলুত সোণগুটিৰ সপোন দেখা সময় এয়া।এতিয়া আহাৰ মাহ।আহাৰ মাহ মানেই কৃষিপ্ৰধান অসমৰ শালি ধানৰ খেতিৰ বতৰ।অসমীয়াৰ চহা জীৱনৰ জীপাল পথাৰত সেউজীয়া সোণোৱালী সপোন ৰচাৰ বতৰ।ধৰালৈ বৰষুণ নামি অহাৰ লগে লগেই ভৰুণ পথাৰৰ সম্ভাৱনা বুকুত সাৱটি আহাৰৰ বোকাময় পথাৰত হাল জুৰিছে ঢকুৱাখনাৰ চহা কৃষকে।মুৰত জাপি, কান্ধত নাঙল- যুঁৱলি, হাতত হালুৱা এছাৰি আৰু বলধ হালক লৈ চিকুন  মনেৰে কৃষকসকল পুৱাতেই খোজ দিছে পথাৰলৈ। ভৰুণ পথাৰত নাঙলৰ সীৰলু ফালি কৃষকে চহাইছে উৰ্বৰা ভূমি। আজৰি নাই গাঁৱৰ জীয়াৰী-বোৱাৰীৰো।সপোনৰ কঠীয়া গুজি দি ৰোৱনীজনীও এতিয়া ব্যস্ত বোকাময় পথাৰত।পথাৰত আলি দিয়া, কঠীয়া তোলা, মৈ দিয়া আদি বিৰামহীন কামৰ মাজত ব্যস্ত হৈ পৰিছে গ্ৰামঞ্চলৰ ডেকা-বুঢ়া।ভৰ দুপৰীয়া দেহৰ ঘাম মাটিত পেলাই চহ কৰা পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে  জাক-জাক ৰোৱনী। কোনোবাজনীৰ মুখতবিহুনাম, ঐনি:তমৰ কলি। মাজতে আকৌ হাঁচতিত বান্ধি নিয়া তামোল উলিয়াই মুখত লৈছে কোনোবাজনীয়ে।ৰ’দ বৰষুণলৈ ভ্ৰুক্ষেপ নাই এইসকলৰ। খেতিয়েই এইসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল। খেতিয়েই  যে এইসকলৰ আশা ভৰষাৰ থল। ইফালে আধুনিকতাৰ ধামখুমীয়া আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ হেৰাই যাব ধৰিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ লগত ওতঃপোতভাৱে জড়িত নাঙল-মাটি-মানুহৰ সম্পৰ্ক। পৰিবৰ্তনৰ ধামখুমীয়াত পথাৰত নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে যদিও ট্ৰেক্টৰ পাৱাৰ টিলাৰৰ বিপৰীতে ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়াও সুলভ অনাদি কালৰ পৰা চলি অহা সেই নাঙল-মাটি -মানুহৰ অভিন্ন সম্পৰ্ক।সকলোৰে আশা মূৰৰ ঘাম মাটিত পেলাই চহ কৰা কেঁচা মাটিত সৃষ্টি হ’ব সোণোৱালী সপোনৰ আশাৰ উদ্দীপনা। এইবছৰ আকৌ ধানেৰে ভঁৰাল চহকী হব।

Featured