ধুবুৰীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ফাৰ্মাচী-ডায়েগনষ্টিক চেণ্টাৰ

নিময়ীয়া বাৰ্তা, ২৯ জুনঃ শেহতীয়াকৈ ধুবুৰীত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ফাৰ্মাচী আৰু ডায়েগনষ্টিক চেণ্টাৰবোৰৰ অধিকাংশে চৰকাৰী নিয়ম-নীতি অনুসৰি থাকিবলগীয়া আন্তঃগাঁথনি আছে নে নাই সেয়া এক প্ৰশ্ন হৈ দেখা দিছে। উল্লেখ্য যে, উন্নত স্বাস্থ্যসেৱাৰ বাবে ধুবুৰীলৈ অহা চৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ সহজ-সৰল গঞা ৰাইজৰ অজ্ঞতাৰ সুযোগ ল’বলৈ স্থানীয় একাংশ ফাৰ্মাচী আৰু এছাম ডায়েগনষ্টিক চেণ্টাৰে দালাল নিয়োগ কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। আনকি, দালালৰূপী একাংশ ৰিক্সা আৰু ই-ৰিক্সা চালকে ধুবুৰীৰ বাহিৰৰ পৰা অহা গঞা ৰাইজক ভাল চিকিৎসক বহা ফাৰ্মাচীলে নিয়াৰ গইনাৰ নিজৰ নিজৰ কমিচনৰ পূৰ্ব বন্দৱস্ত থকা ফাৰ্মাচী অথবা ডায়েগনষ্টিক চেণ্টাৰলৈ নিয়ে বুলিও দীৰ্ঘদিন পৰাই এক বুবু-বাবা আছে। ইপিনে ধুবুৰীৰ চৰকাৰী খণ্ডৰ একাংশ ধনলিপ্সু চিকিৎসকেও নিজৰ চৰকাৰী কৰ্তব্যতকৈ নিজে জড়িত হৈ থকা ব্যক্তিগত খণ্ডৰ ফাৰ্মাচী আৰু ডায়েগনষ্টিক চেন্টাৰৰ কামক অগ্ৰাধিকাৰ দিয়ে বুলিও প্ৰায়শঃ অভিযোগ উত্থাপিত হ’বলৈ লোৱাৰ পোৱা গৈছে। আনকি উপায়হীন হৈ, ২০২৩ বৰ্ষৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ডিএমচিএইচ/২০২৩/৪০৫৯  নম্বৰৰ এখন আদেশ পত্ৰযোগে কৰ্তব্যৰ সময়ত একাংশ ব্যক্তিগত চিকিৎসালয়ত ব্যক্তিগত বৃত্তিত জড়িত নহ’বলৈ মেডিকেল কলেজখনত কৰ্মৰত একাংশ চিকিৎসক আৰু চিকিৎসা কৰ্মীক সাৱধানবাণী প্ৰদান কৰিবলগীয়াও হৈছিল চিকিৎসা মহাবিদ্যালয়ৰ ডিন তথা মুখ্য অধীক্ষকে। অৱশ্যে সময় বাগৰাৰ ল’গে ল’গে ডিএমচিএইচ কৰ্তৃপক্ষৰ সেই নিৰ্দেশ ফুটুকাৰ ফেনত পৰিণত হোৱাৰ উপক্ৰম ঘটা বুলিয়েই উচ্চাৰিত হৈছে। ইপিনে ধুবুৰী শেহতীয়াকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচী আৰু ডায়েগনষ্টিক চেন্টাৰবোৰৰ চৰকাৰী নিয়ম অনুসৰি থাকিবলগীয়া আন্তঃগাঁথনি আৰু আনুসংগিক নথী-পত্ৰ থকা-নথকাৰ বিষয়টো লৈ স্থানীয় স্বাস্থ্য বিভাগে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰাৰো অভিযোগ উঠিছে। তাৰেই পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়বোৰ লৈ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ কামনা কৰিছে ধুবুৰীকে ধৰি জিলাখনৰ সাধাৰণ ৰাইজ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured