সুতাৰপাৰা নদীৰপাৰত মূৰৰ ওপৰত ওলমিছে বিদ্যুৎ পৰিবাহী তাঁৰ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ দুধনৈ উপ-সংমণ্ডলীয় বিদ্যুৎ কাৰ্যালয়ৰ অন্তৰ্গত সুতাৰপাৰা নদীৰপাৰত মৰণফান্দ হৈ পৰিছে বিদ্যুৎ পৰিবাহী তাঁৰ | ৰাজপথৰ ওপৰেদি ন্যূনতম উচ্চতাত ওলমি আছে বিদ্যুৎ পৰিবাহী দুডালকৈ তাঁৰ। প্ৰতিকূল বতৰত প্ৰায়ে বাঁহত লাগি থকা উন্মুক্ত তাঁৰবোৰত জুই জ্বলে। সেই সময়ত শংকিত হৈ পৰে পথচাৰী | কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অৱগত কৰিও সুফল নোপোৱাৰ অভিযোগ | বিগত কেইবামাহৰ পৰা বিপদসংকুল অৱস্থাত ওলমি আছে বিদ্যুতৰ তাঁৰবোৰ। যিকোনো মুহূৰ্ততে বিপদৰ আশংকা ঘনীভূত হৈছে | পথচাৰী, যান-বাহন চলাচলৰ ক্ষেত্ৰত পথছোৱা হৈ পৰিছে বিপজ্জনক। কিয়নো বিদ্যুতৰ তাঁৰবোৰ ওলমি আছে নামমাত্ৰ উচ্চতাত। বাঁহ, কলগছৰ মাজেৰেই ওলমি আছে তাঁৰবোৰ| শীঘ্ৰে ওলমি ৰোৱা তাঁৰসমূহ ওপৰলৈ তোলাৰ দিহা কৰাৰ আহ্বান স্থানীয় ৰাইজৰ |

 প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured