ওদালগুৰিৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুৰৱস্থা

🔹 ২নং সোণাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ বাবে নাই শ্ৰেণীকোঠা

নিয়মীয়া বাৰ্তা, ৩০ মে’ : চৰকাৰে এফালে বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে, আনফালে একাংশ বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত পাঠদান বন্ধ হৈ আছে। শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে বিটিআৰৰ এইখন বিদ্যালয়ে । ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৃহত্তৰ কালীখোলা অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ২নং সোণাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই চকু কপালত তুলিছে। কেইবাবছৰো ধৰি বিদ্যালয় গৃহ অৰ্ধনিৰ্মিত হৈ থকাৰ ফলত বছৰৰ পাছত বছৰ ব্যাহত হৈ আহিছে বিদ্যালয়খনৰ পাঠদান ৷ ভূতবাংলাত পৰিণত হৈছে অৰ্ধনিৰ্মিত শ্ৰেণীকোঠাসমূহ ৷ ফলত ওচৰতে থকা ২নং সোণাজুলি মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুলৰ তিনিটাকৈ শ্ৰেণীৰ পাঠদান চলাই থকা হৈছে ৷ কিন্তু পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত নিতৌ ব্যাহত হৈছে পাঠদান ৷ এফালে শিক্ষকৰ অভাৱ, আনফালে পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত এতিয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বৃহত্তৰ কালীখোলা, সোণাজুলি, ডিমাকুছি, বামুণজুলি, বাদলাপাৰা, বগৰীতল আদি গাঁৱৰ কেইবাশ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ একমাত্ৰ ভৰসাস্থলী ২নং সোণাজুলিৰ জনতা হাইস্কুল ৷ পুৰণি গৃহ ভাঙি বিটিচি চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰিছিল নতুন বিদ্যালয় গৃহ। কিন্তু দুৰ্ভাগ্যবশত: বিগত চাৰি-পাঁচ বছৰে গৃহসমূহ অৰ্ধনিৰ্মিত হৈ থাকিল ৷ সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে গৃহসমূহ ৷ ইয়াৰ বিৰূপ ফল ভুগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷ আনফালে ভূতৰ ওপৰত দানহ পৰাদি শিক্ষকৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ৷ পৰ্যাপ্ত শিক্ষকৰ অভাৱত গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী ৷ বাৰে বাৰে বিদ্যালয়খনৰ এনে এশ এবুৰি সমস্যাৰ বিষয়ে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক জনোৱা হৈছে, তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ উপায়হীন হৈ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি স্থানীয় ৰাইজে পুনৰ অঞ্চলটোত এক সুস্থ শৈক্ষিক বাতাৱৰণ গঢ়ি তোলাৰ বাবে বিদ্যালয়খনৰ পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ ৰাজহুৱা সভা আহ্বান কৰি চৰকাৰক দাবী জনাইছে । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেইটোহে লক্ষণীয় বিষয় হৈ পৰিছে ।

প্ৰেৰক পিংকু কলিতা

Featured