পলমকৈ বিদ্যালয়লৈ আহি ৰাইজৰ ৰোষত শিক্ষক-শিক্ষয়িত্ৰী

🔹 বন্ধ কৰিলে পশ্চিম বড়িগোগ ধীৰদত্ত উ: মা: বিদ্যালয়ৰ মূল তোৰণ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : নলবাৰী জিলাৰ বৰখালাস্থিত শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাংশ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী সময় মতে বিদ্যালয়ত উপস্থিত নোহোৱাৰ প্ৰতিবাদত আজি বিদ্যালয়খনৰ মূল তোৰণ একাংশ যুৱকে স্হানীয় ৰাইজ তথা অভিভাৱকৰ সহযোগত বন্ধ কৰি দিয়া ঘটনাই নলবাৰী জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। জানিব পৰা মতে, উক্ত বিদ্যালয়ত কৰ্মৰত একাংশ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে নিজ খেয়ালখুচি অনুযায়ী বহুত দিনৰ পৰা বিদ্যালয়লৈ অহা-যোৱা কৰা স্হানীয় ৰাইজে সদায় প্ৰত্যক্ষ কৰি আহিছে। আনহাতে উক্ত বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে য’তে-ত’তে অসামাজিক কাম-কাজ কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ এই সম্পৰ্কে ৰাইজে বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো ভাৰপ্ৰাপ্ত অধ্যক্ষৰ অমনোযোগিতাৰ বাবে আজি মূল তোৰণ বন্ধ কৰাৰ নিচিনা কাৰ্য্যসূচী ল’বলৈ বাধ্য হয় বুলি ৰাইজে মত প্ৰকাশ কৰিছে।উল্লেখ্য যে আজি ৰাইজে মূল তোৰণ বন্ধ কৰি দিয়াৰ ফলত প্ৰায় ১৮গৰাকী  শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী বাহিৰত থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলত বিদ্যালয়খনৰ পাঠদান ব্যাহত হয়। ঐতিহ্যমণ্ডিত বিদ্যালয়খনত এনেধৰণৰ পৰিস্থিতিৰ খবৰ লাভ কৰি নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া উপস্থিত হৈ বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৰেন চন্দ্ৰ ডেকা, শিক্ষক-কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শচীন্দ্ৰ শৰ্মা, স্থানীয় গাঁওপ্ৰধান বাবুল চন্দ্ৰ দাস, স্থানীয় যুৱক, একাংশ অভিভাৱক, বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিৰ সহযোগত হোৱা আলোচনাৰে পৰিস্থিতি শাম কাটিবলৈ চেষ্টা কৰিছিল যদিও অভিযোগকাৰী যুৱক তথা ৰাইজক সন্তুষ্ট কৰিব নোৱাৰিলে। স্হানীয় ৰাইজ তথা সচেতন যুৱকসকলে অৱশেষত জিলা আয়ুক্ত বৰ্ণালী ডেকাক লিখিত অভিযোগ দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ ওচৰত সদৰী কৰে৷ ৰাইজৰ অভিযোগ মতে, বৰ্তমান বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিখনো ভংগ কৰি দিয়াৰ দাবী উত্থাপন কৰিছে৷ ইফালে, আলোচনা সমাপ্তিৰ পিছতে বিদ্যালয় পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই সাংবাদিকে কৰা কোনো প্ৰশ্নৰে উত্তৰ নিদিয়াকৈ ততাতৈয়াকৈ গাড়ীত উঠি বিদ্যালয় চৌহদ ত্যাগ কৰা দৃশ্যই ৰাইজক অসন্তুষ্ট কৰি তোলে৷ আনকি এগৰাকী সাংবাদিকে শিক্ষা বিষয়াগৰাকীক কৰা প্ৰশ্নৰ উত্তৰত পৰিদৰ্শকগৰাকীয়ে প্ৰশ্নৰ উত্তৰ দিয়া-নিদিয়াটো মোৰ কথা বুলি কৈ ঘটনাস্থলীৰ পৰা আঁতৰি যোৱা বাবে পৰিদৰ্শকগৰাকীৰ উক্ত কাৰ্য্যক প্ৰত্যক্ষদৰ্শী ৰাইজে গৰিহণা দিয়া বুলি জানিব পৰা গৈছে।

 

প্ৰেৰক বীৰেন কলিতা

Featured