টুপামাৰীত বিধ্বস্ত পথত যাতায়াতত আহুকাল : পথ উন্নীতকৰণৰ দাবী

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : এজাক বৰষুণতে বোকাময় হৈ পৰে কামৰূপৰ নগৰবেৰাৰ ৰংগেশ্বৰী টুপামাৰীৰ অধিকাংশ বাট-পথ | ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হয় ৰাইজে | টুপামাৰী বজাৰৰ পৰা নগৰবেৰা সংযোগী সদাব্যস্ত পথছোৱা সাধাৰণ এজাক বৰষুণৰ পাছতেই বোকা-পানীৰে উপচি পৰে | যান-বাহন দূৰৰে কথা খোজকাঢ়িও যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হয় পথটিত। স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বাৰিষাৰ সময়ছোৱাত জীয়াতু ভুগিবলগীয়া হয় | সদাব্যস্ত এই পথছোৱা কোনো এখন চৰকাৰ কিম্বা কোনো এজন বিধায়কে পকীকৰণৰ দিহা নকৰাত ৰাইজৰ যাতায়াতত এনে বিপৰ্যয় অব্যাহত থকাৰ অভিযোগ| স্থানীয় বিধায়িকা নন্দিতা দাসেও আজিলৈকে পথছোৱা পকীকৰণৰ বাবে ন্যূনতম পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই | শীঘ্ৰেই পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিধায়িকালৈ দাবী জনাইছে ভুক্তভোগী গঞাই |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured