জলদেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিলে হোমযজ্ঞ, নাম-কীৰ্তন

🔹 ডিব্ৰুগড়ৰ নগাখেলীয়া-মহপোৱালীমৰাত ভয়ংকৰ খহনীয়া

বিশেষ বাৰ্তা, ৯ জুলাই : ৰাজ্যৰ চৌদিশে বানৰ সমান্তৰালভাৱে ভয়ংকৰ খহনীয়াই আতংকিত কৰি তুলিছে। এইবাৰ ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল নগাখেলীয়া আৰু মহপোৱালীমৰাত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। এই খহনীয়াই ৰিংবান্ধৰ লগতে সাতখন গাঁৱলৈ বিপদ মাতিছে। শেহতীয়াকৈ জলসম্পদ বিভাগে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা চলাইছে যদিও বিভাগটোৰ প্ৰতি আস্থা হেৰুৱাইছে নৈপৰীয়াই। যাৰ বাবে আজি নাম-কীৰ্তন আৰু হোমযজ্ঞৰে জলদেৱতাৰ পূজা পাতিলে ৭খন গাঁৱৰ ৰাইজে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আজি ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পূজা-অৰ্চনা কৰিলে নৈপৰীয়াই। ডিব্ৰুগড় চহৰৰ উপকন্ঠ মহপোৱালীমৰা শিৱ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত দেখা গ’ল এক আধ্যাত্মিক পৰিৱেশ। হিন্দীভাষী আৰু অসমীয়াভাষী লোকসকলে নিজৰ ধৰ্মীয় ৰীতি-নীতিৰে পৃথকে পৃথকে হোমযজ্ঞ আৰু নাম-কীৰ্তন অনুষ্ঠিত কৰি খহনীয়া প্ৰতিৰোধৰ কামনা কৰি জলদেৱতাক স্মৰণ কৰে। বিশেষকৈ টিংখাং ভঙাআলি, জপৰা গাঁও, নগাখেলীয়া, মহপোৱালীমৰা, পোহাৰিখনীয়া, টিংখাং মাটিকটা, আইথান দীঘলা, গোৱালাপট্টি আদি গাঁৱৰ ৰাইজে মিলি তিনিযোৰা গায়ন-বায়নৰ দলৰ দ্বাৰা নাম-কীৰ্তন অনুষ্ঠিত কৰে। ইতিমধ্যে জলসম্পদ বিভাগে মোহনাঘাটৰ পৰা বগীবিল আইথানলৈকে জিঅ’বেগ আৰু পাৰ্কুপাইনেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে। কিন্তু কাম চলি থকাৰ মাজতে চকুৰ সন্মুখতে চপৰা-চপৰেকৈ বৰলুইতত জাহ গৈছে ভূমি। আজি ৭ খন গাঁৱৰ ৰাইজে মিলি এনেদৰে জলদেৱতাৰ পূজা-অৰ্চনা কৰা দেখা গ’ল। সম্প্ৰতি ভয়াৱহ ৰূপত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ একপ্ৰকাৰ আতংকিত হৈ পৰিছে নৈপৰীয়া। বল্ডাৰ ব্যৱস্থাৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় নৈপৰীয়াই। আনহাতে, মোহনাঘাটৰ পৰা বগীবিল আইথান সংযোগী মথাউৰিটোৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। এই মথাউৰিটো বৰলুইতে উটুৱাই নিলে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈও প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিব।

প্ৰেৰক বিভাস দুৱৰা

Featured