ধন পৰিশোধ নকৰা বাবে এমাহে বাতৰিকাকত নাই জিলা গ্ৰন্থাগাৰত

🔹 ধুবুৰী প্ৰশাসনৰ দৃষ্টিত গুৰুত্বহীন ছপা মাধ্যম !

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : অবিশ্বাস্য; কিন্তু সঁচা। ধনৰ অভাৱত এমাহৰো অধিক দিনৰ পৰা ধুবুৰীৰ চৰকাৰী জিলা গ্ৰন্থাগাৰলৈ অহা নাই এখনো বাতৰিকাকত। দৰাচলতে কাকতৰ বকেয়া বিল পৰিশোধ নকৰাৰ বাবেই ধুবুৰীৰ বাতৰিকাকত এজেঞ্চী সঞ্চয়িতাই বিগত ১ আগষ্টৰ পৰাই বাতৰিকাকত প্ৰেৰণ কৰা বন্ধ কৰিছে গ্ৰন্থাগাৰটোলৈ। জানিব পৰা মতে, চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা ধুবুৰী জিলা গ্ৰন্থাগাৰ কৰ্তৃপক্ষই বাতৰিকাকতৰ বিল পৰিশোধ নকৰাৰ পৰিপ্ৰেক্ষিতত সেই সিদ্ধান্ত লৈছে সঞ্চয়িতাই। ইপিনে, শেহতীয়াভাৱে ধুবুৰী জিলা প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়ায়ো বাতৰিকাকতৰ বকেয়া বিলৰ বাবদ ৪০ হাজাৰৰো অধিক ধন এজেঞ্চীটোক পৰিশোধ কৰিবলৈ বাকী থকা বুলিও জানিব পৰা গৈছে। তাৰেই পৰিপ্ৰেক্ষিতত সঞ্চয়িতাই আজিৰ পৰা সেই বিষয়াগৰাকীৰ ধুবুৰীস্থ চৰকাৰী আৱাসলৈ বাতৰিকাকত পঠিওৱা বন্ধ কৰা বুলিও প্ৰকাশ। স্বাভাৱিকতেই এই সমগ্ৰ কৰ্মকাণ্ডই ধুবুৰী প্ৰশাসনৰ চকুত বৰ্তমানে ছপা মাধ্যম গুৰুত্বহীন হৈ পৰিছে নেকি বুলি এক প্ৰশ্নৰ উদয় হোৱাৰ সমান্তৰালকৈ স্থানীয় সংবাদ জগতখনতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured