ক’ভিশ্বিল্ডৰ পার্শ্বক্রিয়া নাই, ভেকচিন লৈ মই স্বাস্থ্যৱান হৈ আছোঁ

🔹 পার্শ্বক্রিয়া হ’লে ৬ সপ্তাহত হ’লহেঁতেন

🔹 ভেকচিন বিতর্কক লৈ মুখ্যমন্ত্রী ড০ শৰ্মা

বিশেষ বাৰ্তা, ৪ মে’ : ক’ভিড মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক প্রদান কৰা ক’ভিশ্বিল্ড ভেকচিনৰ পার্শ্বক্রিয়াক লৈ সৃষ্টি হোৱা বিতর্কক বিৰোধীয়ে ইছ্যু কৰি লোৱাৰ সময়তে কালি বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনী প্রচাৰ সভাৰ মাজতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে ক’ভিশ্বিল্ডৰ কোনো পার্শ্বক্রিয়া নাই৷ ইয়াক লৈ কোনো ভয় কৰাৰ প্রয়োজন নাই৷ বাঁওপন্থীসকলে ভুৱা প্রচাৰেৰে বিষয়টো অন্যধৰণে উলিয়াইছে৷ মুখ্যমন্ত্রীয়ে কয়– মই নিজেই চাৰিটাকৈ ক’ভিশ্বিল্ড লৈছোঁ, এতিয়াও স্বাস্থ্যৱান হৈ আছোঁ৷ মোৰ কোনো পার্শ্বক্রিয়া হোৱা নাই৷ ভেকচিনৰ পার্শ্বক্রিয়া ৬ সপ্তাহৰ ভিতৰত হয়৷ ক’ভিশ্বিল্ড লোৱাৰ বহু সময় পাৰ হৈ গ’ল৷ এতিয়া আৰু পার্শ্বক্রিয়া নহয়৷ চিপিএমবিলাকে এই বিষয়বোৰ ভুৱাকৈ প্রচাৰ কৰি আছে৷

Featured