খুমটাইৰ একাংশ বাট-পথৰ দুৰৱস্থা : পথত পুখুৰীসদৃশ গাঁত

🔹 মেৰামতিৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২০ জুন : ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত খুমটাই সমষ্টিৰ একাংশ বাট-পথৰ দুৰৱস্থাই যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে ৰাইজক । উল্লেখ্য যে খুমটাই সমষ্টিৰ বহু গাঁৱত এতিয়া একাংশ পথ নহয় যেন পুখুৰী হোৱা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ ৰাইজে পথসমূহ মেৰামতিৰ বাবে লোকনিৰ্মাণ বিভাগৰ লগতে সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক অৱগত কৰিছে যদিও পথসমূহ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত তীব্ৰ ক্ষোভ উজাৰিজে ৰাইজে। খুমটাই লেটেকু আলিৰ পৰা সৰুপথাৰ সমষ্টিৰ মৰঙি অঞ্চল সংযোগ কৰা প্ৰায় ৪ কিলোমিটাৰ সদাব্যস্ত পথৰ পোন্ধৰশ মিটাৰ পকীকৰণ হ’ল যদিও খুমটাই সমষ্টিৰ দিশত থকা পথছোৱা পকী নকৰাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৰাইজে । ব্যস্ত পথটোৰে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ৰোগী, প্ৰসূতি, নুমলীগড় শোধনাগাৰত কাম কৰা শ্ৰমিক, কৃষক ৰাইজৰ লগতে সৰ্বসাধাৰণ ৰাইজে বহু কষ্টেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে যদিও পথটোৰ মেৰামতি বা পকীকৰণৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা নোহোৱাত ক্ষোভিত হৈছে খুমটাইবাসী । আনহাতে, সমষ্টিটোৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথ সংযোগী পথটো গাড়ীগাঁৱত বিধ্বস্ত হৈ পৰাত সমস্যাত পৰিছে পথচাৰী । বৰ্তমান সময়ত পথটো বাৰিষাৰ শাওণৰ পথাৰলৈ পৰ্যবসিত হোৱাৰ উপৰি পুখুৰীসদৃশ বৃহৎ বৃহৎ গাঁত সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। খুমটাই কেৰেলা চুকৰ পৰা ধোদৰ আলি সংযোগী পথটোৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই নিৰ্মাণ কামৰ শুভাৰম্ভ কৰাৰ পাছতো পকী নোহোৱাত প্ৰায় এক কিলোমিটাৰ পথ বোকাময় হৈ পৰিছে । ইফালে, আদৰ্শ গাঁও হিচাপে নামকৰণ কৰা খুমটাই সমষ্টিৰ কচুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাগাঁৱৰ ৱাৰ্ডৰ গেলেকীয়াল নামঘৰ সংযোগী পথ। গেলেকীয়ালৰ মাজেৰে বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলি সংযোগী প্ৰায় ২ কিলোমিটাৰ পথ প্ৰায় ১৫ বছৰ আগতেই তদানীন্তন চৰকাৰে পকী কৰাৰ পাছতো বৰ্তমান সময়ত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাৰ পিছতো মেৰামতি নকৰাত যাতায়াতৰ ক্ষেত্ৰত পথচাৰীসকলে জীয়াতু ভুগি আহিছে । বিধ্বস্ত বাট-পথৰ বাবে জীয়াতু ভুগিছে খুমটাইবাসীয়ে। খুমটাই বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথৰ পৰা পতিয়াপথাৰ হৈ আত্মাৰাম গগৈ সংযোগী প্ৰায় ৫ কিলোমিটাৰ পথ সম্পূৰ্ণ ৰূপে কদৰ্যময় হৈ পৰাত যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পৰিছে ৰাইজ। খুমটাইৰ চংকলাৰ বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলিৰ পৰা গাড়ীগাঁও সংযোগী পথৰ দুৰৱস্থাই পথচাৰীসকলক জীয়াতু ভোগাই আহিছে যদিও পথসমূহ মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মুঠৰ ওপৰত খুমটাই সমষ্টিৰ একাংশ বাট-পথৰ দুৰৱস্থাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৰাইজে। জৰাজীৰ্ণ বাট-পথসমূহ মেৰামতি আৰু পকী কৰিবলগীয়া পথসমূহ পকীকৰণ কৰিবলৈ চৰকাৰলৈ কাতৰ আহ্বান জনাইছে খুমটাইবাসীয়ে।

প্ৰেৰক নবীন গোহাঁই

Featured