তিতাবৰৰ পিতৃ-মাতৃহীন তিনি কণমানিৰ ভৱিষ্যতৰ বাবে ব্যক্তিগত প্ৰয়াস মন্ত্ৰী পীযুষৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : মন্ত্ৰী পীযুষ হাজৰীকাই বিগত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৰহাটত থকা সময়তে তিতাবৰৰ এটা পৰিয়ালৰ দুখ:জনক ঘটনাৰ খবৰ পাইছিল। ইতিমধ্যেই মাতৃহীনা তিনিটা কণমানিৰ পিতৃৰ অকাল মৃত্যুৰ খবৰ পাই মন্ত্ৰীগৰাকীয়ে কণমানিকেইটাৰ কাষত থিয় হৈছিল আৰু তাৎক্ষণিকভাৱে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল। কিন্তু কণমানিকেইটিৰ চকুলো মন্ত্ৰী হাজৰীকাই পাহৰিব পৰা নাছিল। নিৰ্বাচনৰ প্ৰচাৰৰ পাছত গুৱাহাটীলৈ ঘূৰি আহিয়েই মন্ত্ৰী পীযুষ হাজৰীকাই কণমানিকেইটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বেংকত তেওঁলোকৰ একাউণ্টত ৭ লাখ টকা ১৫ বছৰলৈ ফিক্সড ডিপ’জিট কৰাৰ ব্যৱস্থা কৰিছে। শিশুকেইটিৰ বেংক একাউণ্ট নাছিল যদিও মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ জড়িয়তে একাউণ্ট খুলি টকা জমা কৰাৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে ফিক্সড ডিপ’জিট কৰা ধনৰ সুত হিচাপে কণমানিকেইটাই প্ৰতিমাহে নিজৰ একাউণ্টত প্ৰায় ৩ হাজাৰ টকা লাভ কৰিব আৰু ১৫ বছৰৰ পাছত জমাধনখিনি লাভ কৰিব।

Featured