ৰঙিয়া মহাবিদ্যালয়ত সাংস্কৃতিক জগতৰ তিনি পুৰোধাৰ আবক্ষ মূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱন চৌহদত স্থাপন কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালা আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । উন্মোচন কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। এই উপলক্ষে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে ৰঙিয়া মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অনুপ কুমাৰ ডেকাই । অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ‍্যক্ষ ড৹ ব্ৰজেন্দ্ৰ শইকীয়াই । আবক্ষ মূৰ্তি উন্মোচন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ছাত্র-ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়খনৰ অধ‍্যাপক আৰু অধ‍্যাপিকাসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র আৰু অৱসৰপ্ৰাপ্ত অধ‍্যাপক পবিন কলিতা আৰু ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ছাত্র অনন্ত ডেকা উপস্থিত থাকে । উল্লেখযোগ্য যে আবক্ষ মূৰ্তি নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষৰ মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম কলিতাই তেওঁৰ সম্পাদক পুঁজিৰ পৰা ৪৪,০০০ টকা আৰু ২০২২-২৩ বৰ্ষৰ ছাত্ৰ সন্থাই তেওঁলোকৰ পুঁজিৰ পৰা প্ৰায় ডেৰ লাখ টকা অনুদান আগবঢ়াইছিল ।

প্ৰেৰক ফাৰুক হুছেইন

Featured