গোলাঘাটত জাতিৰ প্রমাণ–পত্রৰ নামত বৃহৎ জালিয়াতি

🔹 চাহ মজদুৰ সংঘ-চাহ জনজাতি সন্মিলনীৰ সভাপতিৰ বিৰুদ্ধে আটছাৰ এজাহাৰ

বিশেষ বার্তা, ২৭ জুন : গোলাঘাটত অসম চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি আৰু চাহ জনজাতি সন্মিলনীৰ সভাপতিৰ বিৰুদ্ধে জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চৰম জালিয়াতিৰ আশ্রয় লৈ চাহ জনগোষ্ঠীৰ জাতিগত প্রমাণ–পত্র প্রদানৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগেৰে সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্র সন্থা৷ আটছাৰ গোলাঘাট শাখা আৰু বৰপথাৰ শাখাই ইতিমধ্যে অসম চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি পৱিত্র জাল আৰু চাহ জনজাতি সন্মিলনী, গোলাঘাটৰ সভাপতি মুনীন গৌতম চাওৰাৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি গ্রেপ্তাৰৰ দাবী জনাইছে৷ আটছা, গোলাঘাট শাখাৰ সাধাৰণ সম্পাদক অনুজ কুর্মী, আটছা, বৰপথাৰ শাখাৰ সভাপতি মনোজ মহানন্দ আৰু সাধাৰণ সম্পাদক অতুল ভূমিজে গোলাঘাট প্রেছ ক্লাবৰ কার্যালয়ত আয়োজন কৰা সংবাদ মেলত তেওঁলোকে বৃহৎ অংকৰ ধনৰ বিনিময়ত অনা চাহ জনজাতি লোকক জাতিৰ প্রমাণ–পত্র দিয়াৰ অভিযোগ আনি তথ্য প্রকাশ কৰে৷ অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদকে ঘোচ লোৱাৰ ভিডিঅ’ত স্পষ্ট প্রমাণ থকা বুলি উল্লেখ কৰে৷ বৃহৎ অংকৰ ধন লৈ অনা চাহ জনগোষ্ঠীৰ লোকক চাহ জনগোষ্ঠীৰ জাতিগত প্রমাণ–পত্র দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সংবাদ মেলত আটছাই প্রকাশ কৰা মতে, ২০২২ বর্ষত গোলাঘাট জিলাৰ বৰপথাৰৰ অনিন্দিতা মণ্ডল নামৰ বেংগলী সম্প্রদায়ৰ এগৰাকী যুৱতীক ভুৱা প্রমাণ–পত্র দি চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত চিকিৎসা সেৱা অধ্যয়ন কৰাৰ পাছত তেওঁৰেই ভাতৃ হিৰণ্ময় মণ্ডলে এমবিবিএছ পাঠ্যক্রমত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনত নামভর্তি কৰিবলৈ চাহ জনজাতি সন্মিলনীৰ সভাপতি মুনীন গৌতম চাওৰাই ধনৰ বিনিময়ত চাহ জনজাতিৰ ভুৱা প্রমাণ–পত্র প্রদান কৰিছিল৷ বিষয়টো আটছাৰ অৱগত হোৱাৰ পিছত সমগ্র ঘটনাটোৰ ওপৰত তদন্ত কৰিবলৈ আৰক্ষীক এজাহাৰ দাখিল কৰে৷ আটছাৰ অভিযোগ- বৃহৎ চাহ জনগোষ্ঠীক প্রতাৰণা কৰি অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি পৱিত্র জাল আৰু চাহ জনজাতি সন্মিলনৰ গোলাঘাট জিলাৰ সভাপতি মুনীন গৌতম চাওৰাই অনা চাহ জনগোষ্ঠীৰ লোকক জাতিগত প্রমাণ–পত্র প্রদান কৰিছে৷ যি সময়ত চাহ জনগোষ্ঠীৰ বাবে বিভিন্ন শিতানত চৰকাৰে আসন সংৰক্ষিত কৰিছে, তেনে সময়ত বৃহৎ অংকৰ বিনিময়ত অনা চাহ জনগোষ্ঠীৰ লোকক জাতিগত প্রমাণ–পত্র প্রদান কৰি জনগোষ্ঠীটোৰ লোকসকলক বিপথে পৰিচালনা কৰিছে এই দুজনে৷ যাৰ বাবে আটছাৰ গোলাঘাট শাখা আৰু বৰপথাৰ শাখাই সমগ্র বিষয়টোৰ ওপৰত তদন্ত দাবী কৰি দোষীক উচিত শাস্তি দিবলৈ গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আনহাতে, অসম চাহ মজদুৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক নীলাকৰ তাছাই৷ চাহ বাগিচাৰ সমস্যা সমাধান কৰাৰ বিপৰীতে বাগিচাৰ মালিক পক্ষৰ পৰা টকা লোৱাৰ ভিডিঅ’ বিয়পি পৰিছে সকলোতে৷ সমগ্র ঘটনাক লৈ চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে স্পষ্টভাৱে উল্লেখ কৰি কয় যে জাতিগত প্রমাণ–পত্র দিয়া কথাটো সঁচা৷ সেয়া অনিচ্ছাকৃতভাৱে হ’ল৷ যাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক অনিন্দিতা মণ্ডল আৰু হিৰণ্ময় মণ্ডলৰ জাতিগত প্রমাণ–পত্র বাতিলৰ বাবে আবেদন জনোৱা হৈছে৷ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা ঘোচ লোৱা ভিডিঅ’টো সন্দর্ভত সেয়া দান–বৰঙণি লোৱা বুলিহে উল্লেখ কৰে৷ এতিয়া প্রশ্ণ উঠিছে- চাহ জনগোষ্ঠীৰ লোকৰ নামত প্রকৃততে সংগঠনবোৰে ব্যৱসায় কৰিছে নেকি? সমগ্র বিষয়টোৰ উচিত তদন্তইহে পোহৰলৈ আনিব প্রকৃত সত্য৷ সমগ্র ঘটনাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে গোলাঘাটত৷

প্ৰেৰক দিগন্ত কুমাৰ বৰা

Featured