লাহৰীঘাটত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত ভয়ংকৰ দুৰ্নীতি

🔹 বিনামূলীয়া ৰন্ধন গেছৰ নামত সংগ্ৰহ ১০০০-২৫০০ টকাকৈ

🔹 দুৰ্নীতি উদঙালে খোদ মৰিগাঁও জিলা খাদ্য-অসামৰিক যোগান বিভাগে

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। এই দুৰ্নীতি উন্মোচন কৰিলে খোদ মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দৰিদ্ৰ মহিলাৰ নামত বিনামূলীয়া ৰন্ধন গেছ যোগান ধৰা হয়। কিন্তু প্ৰকৃততে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে দৰিদ্ৰ মহিলাসকলে বিনামূলীয়া ৰন্ধন গেছ পাবলৈ সক্ষম হোৱা নাই। অভিযোগ অনুসৰি, লাহৰীঘাটৰ শান্তি গেছ এজেন্সীয়ে বিনামূলীয়া গেছ যোগানৰ নামত প্ৰতিগৰাকী দৰিদ্ৰ মহিলা হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে ১০০০-২৫০০ টকাকৈ। এই পৰিমাণৰ ধন নিদিলে দৰিদ্ৰ মহিলাসকলৰ নামত ৰন্ধন গেছ নিদিয়ে শান্তি গেছ এজেন্সীয়ে। বহুদিন ধৰি বিনামূলীয়া গেছ আবন্টন হৈ আছে যদিও টকা নিদিয়াৰ বাবে যোগান নধৰে। বিভিন্ন অভিযোগৰ ভিত্তিত ইতিমধ্যে শান্তি গেছ এজেন্সীক নিলম্বন কৰিছে জিলা প্ৰশাসনে। মৰিগাঁও জিলা যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত অহা এটি দল লাহৰীঘাটৰ তিনিচুকীয়াত অধিক তদন্তৰ বাবে অহাত বিভিন্ন অঞ্চলৰ শতাধিক মহিলাই লিখিত অভিযোগ দাখিল কৰে। শান্তি গেছ এজেন্সীয়ে কিদৰে বিনামূলীয়া গেছৰ নামত লুণ্ঠন চলাই আছে, তাৰো বৰ্ণনা দিয়ে সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ আগত। শেহতীয়াকৈ আন বহু গেছ এজেন্সীৰ বিৰুদ্ধেও ধন লোৱাৰ অভিযোগ দিয়ে দৰিদ্ৰ মহিলাসকলে। জিলাখনৰ ভূৰাগাঁও আৰু দীঘলবড়ীস্থিত গেছ এজেন্সীৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ পোহৰলৈ আহিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত শান্তি গেছ এজেন্সীয়ে কিমানগৰাকী দৰিদ্ৰ মহিলাক ৰন্ধন গেছ যোগান ধৰিছে, তাৰ কোনো সঠিক তথ্য নাই বুলি সহকাৰী সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰ তথা জিলা প্ৰশাসনৰ অজ্ঞাতে লাহৰীঘাটত লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাটো নিশ্চিত হৈছে। ইফালে, যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানে জনোৱা মতে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ নামত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ তদন্ত কৰা হ’ব আৰু দোষীক শাস্তি বিহাটো নিশ্চিত।

প্ৰেৰক আবুল কালাম

Featured