নগৰবেৰাৰ পাৰঘাটত নীতি-বহিৰ্ভূতভাৱে নাৱৰ অবাধ চলাচল

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ কিদৰে চলিছে ৰাজ্যৰ আভ্যন্তৰীণ জল-পৰিবহণ বিভাগ?শেহতীয়াকৈ বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী নিৰ্দেশনাক জলাঞ্জলি দি ব্যাপক অনিয়মৰ মাজেৰে কেতবোৰ পাৰঘাট পৰিচালনা কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। যি সময়ত ৰাজ্য চৰকাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগত কঠোৰতম পদক্ষেপ লৈ বিভিন্ন নীতি-নিয়ম বান্ধি দিছে ঠিক তেনে সময়তে বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে চৰকাৰৰ চকুত ধুলি দি ব্যাপক অনিয়মেৰে ৰহস্যজনকভাবে পাৰঘাট চলাই থকাৰ গুজৱ উঠিছে। বিভিন্ন সময়ত ৰাজ্যৰ নদ-নদীসমূহত সংঘটিত নাও দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বিভাগীয় ভাবে কঠোৰ নিৰ্দেশনা বান্ধি দিছে যদিও সেই নিৰ্দেশনাক একাংশ নাৱৰীয়াই কেৰেপ নকৰি মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ নৈ-উপনৈ কলহী, জলজলী আদিবোৰ নদীৰ বুকুত বিপজ্জনকভাৱে যাত্ৰী পাৰাপাৰ কৰি আছে। প্ৰাপ্ত তথ্য মতে, কামৰূপৰ মালিৱাৰী, ছমৰীয়া-চাকলা পাৰঘাট, মন্দিৰা-টুপামাৰী ঘাট, নগৰবেৰা-মাজৰচৰ পাৰঘাটকে আদি কৰি কেইবাটাও পাৰঘাটত ক্ৰমে জলজলী, কলহী, কৰ্নৈ, কাটাখালি আদিত নিতৌ যন্ত্ৰচালিত নাৱৰে যাত্ৰী কঢ়িওৱা হয় যদিও চৰকাৰে বান্ধি দিয়া কোনো নিৰ্দেশনা মতে নচলে নাওসমূহ৷ ফলত যিকোনো সময়তে পাৰঘাট সমূহত চলা নাৱৰ দুৰ্ঘটনা হোৱাৰ আকাংক্ষা কৰা হৈছে ৷ উল্লেখ্য যে পাৰঘাটসমূহৰ দায়িত্বত থকা একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি পাৰঘাটৰ লেচী আৰু তেওঁ লোকৰ সহযোগীসকলে পাৰঘাটসমূহত চৰম অৰাজকতা চলোৱা বুলি যাত্ৰী, ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ উল্লেখিত পাৰঘাটসমূহত নদীপথৰে যাত্ৰাৰ সময়ছোৱাত একাংশ নাওৰীয়াই লাইভ জেকেট নোলোৱাকৈ নন মেৰিন’ আৰু চালি নথকা যন্ত্ৰচালিত নাৱেৰে বিপদসংকুলভাবে যাত্ৰী কঢ়িয়াই আছে। যাত্ৰীসকলৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও আছে ভালেসংখ্যক। কেতিয়াবা অতিমাত্ৰা বৰষুণৰ পৰত যাত্ৰীলৈ মহাসংকট নামে যদিও তালৈ যেন ভ্ৰূক্ষেপ নাই কাৰোৱেই! পাৰঘাটসমূহৰ দায়িত্বত থকা দায়িত্বশীল বিষয়া কৰ্মচাৰীক বাৰম্বাৰ এইসন্দৰ্ভত বহুতেই অৱগত কৰিছে যদিও ৰহস্যজনকভাৱে মৌন হৈ থাকি যাত্ৰীৰ জীৱনলৈ যেন একধৰণৰ ভাবুকিহে নমাইছে! উল্লেখিত অঞ্চলসমূহৰ স্থানীয় ৰাইজে শীঘ্ৰেই চৰকাৰ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষক তাৎক্ষণিক তদন্তৰ আওতাত আনি পাৰঘাটসমূহত চৰকাৰে বান্ধি দিয়া নিৰ্দেশনাসমূহ মানি চলা আৰু নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ দাবী জনাইছে সচেতন ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured