ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব বৃদ্ধি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

🔹 ড০ হিমন্ত বিশ্ব শৰ্মাৰ যাদুকৰী ব্যক্তিত্বই আকৰ্ষিত কৰিছে সমগ্ৰ ভাৰতবাসীক
🔹 ড॰ শৰ্মাই দেশজুৰি প্ৰচাৰ চলোৱা প্ৰায়বোৰ সমষ্টিতে জয়ী এন ডি এ
বিশেষ বাৰ্তা, ১১ জুন : সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত বিজেপি নেতৃতাধীন এন ডি এই অসমত অভিলেখসংখ্যক এঘাৰখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ বিগত চাৰি-পাঁচটা দশকত কোনো দল বা মৰ্চাই ৰাজ্যখনত এনে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল৷ এই নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দলক সন্মুখৰ পৰা নেতৃত্ব দি এই বিৰল সাফল্য প্ৰদান কৰিবলৈ সমৰ্থ হৈছে৷ অসমৰ সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক ইতিহাসত ৰাজ্যৰ ১৪খন লোকসভা আসনৰ ১১খনেই দখলৰ এই অভিনৱ অভিলেখে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ দক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাকে প্ৰত্যক্ষভাৱে প্ৰতিফলিত কৰিছে৷ নিৰ্বাচনৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসমত ১০০ৰো অধিক বিধানসভা সমষ্টিত শতাধিক নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱাৰ লগতে দেশৰ অনান্য ৰাজ্যতো অৰ্ধশতাধিক নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লয়৷ নিৰ্বাচনী প্ৰচাৰ কালত, ৬০ দিনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯খন ৰাজ্যত মুঠ ১৭১খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত ১৪৯খন নিৰ্বাচনী সভা, ১৬টা ৰোড শ্ব’ আৰু ৯টা মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচী৷ অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ওড়িশা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, দিল্লী, কেৰালা, পঞ্জাব, অৰুণাচল প্ৰদেশ আদি বহুকেইখন ৰাজ্যত ৪৮খন নিৰ্বাচনী সভা, ৭টা ৰোড শ্ব’কে ধৰি বিভিন্ন নিৰ্বাচনী কাৰ্যসূচীত ভাগ লয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ওড়িশাত ২২খন নিৰ্বাচনী সভা তথা ৰোড শ্ব’, পশ্চিমবংগত ১২খন, বিহাৰত ৫খন, ঝাৰখণ্ডত ৫খন আৰু দিল্লীত ৪খন নিৰ্বাচনী সভা তথা ৰোড শ্ব’ত অংশ লয়৷ উল্লেখ্য যে ওড়িশাত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাক বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু ৰাজ্যখনত বিজেপিয়ে লাভ কৰা অভাৱনীয় নিৰ্বাচনী সাফল্যৰ ক্ষেত্ৰত বিজেপি নেতৃত্বই ড॰ শৰ্মাক বিশেষভাৱে কৃতিত্ব প্ৰদান কৰিছে৷ ওড়িশাৰ লগতে দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদিতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰচাৰ চলোৱা প্ৰায়বোৰ সমষ্টিতে বিজেপি তথা এন ডি এ মৰ্চাই বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে পটভূমিত ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব ক্ৰমাৎ ব্যাপকভাৱে বৃদ্ধি পাইছে৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ দক্ষতা আৰু বিচক্ষণতা অনুধাৱন কৰিয়েই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন ৰণকৌশল আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ড॰ শৰ্মাক বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অৰ্জন কৰা সফলতাৰ পিছত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত ড॰ শৰ্মাৰ গুৰুত্ব ব্যাপকভাৱে বৃদ্ধি পাইছে৷ এন ডি এৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও মুখ্যমন্ত্ৰী ড॰ শৰ্মাক নিৰ্বাচনী সাফল্যৰ বাবে ব্যাপক অভিনন্দন জনোৱা বিষয়টোৱে ৰাষ্ট্ৰীয় ৰাজনীতিত ড॰ শৰ্মাৰ ক্ৰমবৰ্ধিত প্ৰভাৱ আৰু গুৰুত্বকে প্ৰতিপন্ন কৰে৷ শেহতীয়াকৈ দিল্লী ভ্ৰমণৰ সময়ছোৱাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড॰ মোহন যাদৱ আদিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সাক্ষাত কৰি অভিনন্দন জনোৱা বিষয়টোৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত ড॰ শৰ্মাৰ ক্ৰমবৰ্ধিত গুৰুত্বকে প্ৰতিফলিত কৰিছে৷ অমিত শ্বাহৰ দৰে বিচক্ষণ প্ৰভাৱশালী নেতা থকাৰ পিছতো ড° হিমন্ত বিশ্ব শৰ্মাক এইবেলি লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত প্রধান সেনাপতিৰ দৰে ভূমিকা ল’বলৈ আগবঢ়াই দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ দৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ সকলো ৰাজ্যতে অনুষ্ঠিত হোৱা নির্বাচনী সভাত জনতাৰ সমৰ্থন আছিল চকুত লগা। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন অসমীয়াৰ যাদুকৰী ব্যক্তিত্বই সমগ্ৰ ভাৰতবাসীক ক্ৰমান্বয়ে আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা বিষয়টোৱেও যথেষ্ট তাৎপৰ্য বহন কৰিছে।
ইয়াৰ উপৰি প্ৰায়ভাগ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম তথা টিভি চেনেলে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ষ্টুডিঅ’লৈ আমন্ত্ৰণ কৰি সাক্ষাৎকাৰ গ্ৰহণ কৰা বিষয়টোৱে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাকে প্ৰতিপন্ন কৰে। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি যিধৰণৰ গুৰুত্ব লাভ কৰিছে, তাকে লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে আজি গৌৰৱ অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়খন চৰকাৰ গঠনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ প্ৰভাৱ আৰু গুৰুত্ব স্পষ্টভাৱে অনুভূত হয়৷ মোদী মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি স্বাভাৱিক আৰু প্ৰত্যাশিত আছিল যদিও কেন্দ্ৰীয় মন্ত্ৰীসভাত পৱিত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্ভুক্তিয়ে দিল্লী মহলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ক্ৰমবৰ্ধিত প্ৰভাৱৰে স্পষ্ট  ইংগিত বহন কৰিছে৷ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিশেষ ঘনিষ্ঠ বুলিয়েই পৰিচিত৷ তেনে ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীসভাত মাৰ্ঘেৰিটাৰ অন্তৰ্ভুক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিশেষ ৰাজনৈতিক দক্ষতা আৰু গুৰুত্বকে প্ৰতিপন্ন কৰিছে৷
Featured