সামাজিক মাধ্যমত বিশেষ ধৰ্মক লৈ কটু মন্তব্য : বগৰীবাৰীত তীব্ৰ উত্তেজনা

🔹 যুৱকক গ্ৰেপ্তাৰৰ দাবীক শ শ লোকৰ পথ অৱৰোধ

নিয়মীয়া বাৰ্তা,  ২৩ জুন : কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত আৰাই আনী গাঁৱৰ নিমন পাল নামৰ এজন যুৱকে সামাজিক মাধ্যমযোগে আজি এক বিশেষ ধৰ্মক উদ্দেশ্য কৰি অশালীন-কটু মন্তব্য পোষ্ট কৰে। পিছত এটা ধৰ্মক লৈ কৰা কটু মন্তব্যৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয়। উত্তজিত শ শ লোকে ওলাই আহি বগৰীবাৰী থানাৰ সন্মুখত থকা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ মাজত উত্তেজনা ইমানেই বৃদ্ধি পায় যে উত্তেজিত ৰাইজৰ সন্মুখতেই উক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ বগৰীবাৰী আৰক্ষীক সময়সীমা বান্ধি দিয়ে। আনকি যুৱকজন গ্ৰেপ্তাৰ নোহোৱালৈকে পথ অৱৰোধ কৰি প্ৰতিবাদ চলাই যোৱাৰ সিদ্ধান্তত অটল হৈ পৰে। প্ৰথমে বগৰীবাৰী আৰক্ষীয়ে আইনে আইনৰ মতে কাম কৰিব বুলি কৈ প্ৰতিবাদী ৰাইজক প্ৰতিবাদ উঠাই লোৱা বাবে আহ্বান জনায়। কিন্তু ইয়াতো কোনো বিশেষ সঁহাৰি নোপোৱাত  আৰক্ষীয়ে অৱশেষত বল প্ৰয়োগ কৰি প্ৰতিবাদী জনতাক প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয়। লগতে বহু সময় ধৰি আবদ্ধ হৈ পৰা যান-বাহনৰ চলাচল স্বাভাৱিক হৈ পৰে। এই ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত এক উৎকন্ঠা আৰু উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে। আনহাতে, উক্ত ঘটনাৰ লগত জড়িত নিমন পালৰ পিতৃ নাৰায়ণ পালে আজি  উক্ত কাণ্ড সংঘটিত কৰি ভুল কৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। আনকি তেওঁৰ ল’ৰাজন কিছুদিনৰ পৰা মানসিকভাৱে অসুস্থ হৈ আছে আৰু তেওঁৰ চিকিৎসা চলি থকা বুলি সামিজিক মাধ্যমযোগে উল্লেখ কৰে। লগতে সকলোৰে মাজত মিলিপ্ৰীতি আৰু ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখিবলৈ অনুৰোধ জনায়। আনহাতে, বগৰীবাৰী থানাৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

Featured