যুৱক-যুৱতীৰ অনৈতিক কাণ্ডক লৈ প্ৰচণ্ড মাৰপিট

🔹 ৰূপহীহাটৰ ঔ-অনাৰ ধাবাত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১৭ জুন : ৰূপহীহাটত ঔ-অনাৰ ধাবাত অবৈধ কৰ্মকাণ্ডক লৈ আজি সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আজি ঈদৰ আনন্দ-উল্লাসৰ মাজতে ৰূপহীহাটত এনে উত্তপ্ত পৰিস্থিতিৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰূপহীহাটৰ ঔ-অনাৰ এখন ধাবাত প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ সূত্ৰপাত হয় । ৰূপহীহাটৰ একাংশ ধাবাত যুৱকে যুৱতী লৈ আহি উদ্ভণ্ডালি কৰাত বাধা আৰোপ কৰিছিল স্থানীয় ৰাইজে। বাধা আৰোপ কৰাত সুৰাসক্ত যুৱকে স্থানীয় ৰাইজৰ সৈতে লিপ্ত হয় প্ৰচণ্ড মাৰপিটত। মাৰপিটত উভয় পক্ষৰ আহত হয় ছজনকৈ লোক। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

প্ৰেৰক জহিৰুল ইছলাম

Featured