বঙাইগাঁৱৰ ডিটিঅ’ কাৰ্যালয়ত যান-বাহনৰ পঞ্জীয়নত কেলেংকাৰি

🔹 কেলেংকাৰিত জড়িত যোগীঘোপাৰ দুজনক আটক

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : যান-বাহন পঞ্জীয়নৰ নামত বঙাইগাঁৱৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সংঘটিত বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে চলন্তাপাৰাৰ পৰা দুজনক আটক কৰিছে । যোগীঘোপা আৰক্ষীয়ে দুয়োকে আটক কৰি বঙাইগাঁও আৰক্ষীক চমজাই দিয়ে । আটকাধীন দুজন ক্ৰমে মোস্তাফা আহমেদ ওৰফে ৰিংকু আৰু আয়ুব হুছেইন । উল্লেখ্য যে চাৰি শতাধিক বিভিন্ন বাহন পূৰ্বতে লাক্ষাদ্বীপত পঞ্জীয়ন কৰা দেখুৱাই বঙাইগাও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পুনৰ পঞ্জীয়ন কৰা হৈছিল । পৰৱৰ্তী সময়ত এই বৃহৎ কেলেংকাৰি সন্দৰ্ভত বঙাইগাঁৱৰ এজন সচেতন লোকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন অভিযোগ-পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পিছতে এই কেলেংকাৰিৰ বিৰুদ্ধে তৎপৰ হৈ পৰে বঙাইগাঁও আৰক্ষী । অভিযোগ মতে, পূৰ্বতে লাক্ষাদ্বীপত পঞ্জীয়ন কৰা বুলি ভুৱা নথি-পত্ৰ দেখুৱাই বঙাইগাঁও পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰায় ৪০০ বাহন পুনৰ পঞ্জীয়ন কৰা হৈছে । যান-বাহন পঞ্জীয়নৰ নামত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সংঘটিত এই বৃহৎ কেলেংকাৰি সন্দৰ্ভত বঙাইগাঁও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত যোগীঘোপাৰ চলন্তাপাৰাৰ মোস্তাফা আহমেদ আৰু আয়ুব হুছেইনক আটক কৰে । ইয়াৰ পিছতে বঙাইগাঁও জিলাৰ এগৰাকী ডি এছ পিৰ নেতৃত্বত আৰক্ষীয়ে মোস্তাফা আহমেদ আৰু আয়ুব হুছেইনৰ বাসগৃহত অভিযান চলায়। নিশা প্ৰায় ২:৩০ বজালৈ চলা অভিযানত মোস্তাফা আহমেদৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে বুলি জনা গৈছে। ইফালে, অভিযানৰ সময়ত সংবাদ মাধ্যমৰ পৰা দূৰত থাকে আৰক্ষী। নিশাই আটকাধীন দুয়োকে সোধা-পোছাৰ অন্তত বঙাইগাঁৱলৈ নিয়ে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

 

Featured