আলোপতি নিচানৰচৰত মাটিক লৈ ভয়ানক মাৰপিট

🔹 আহত দুজনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত নিচানৰচৰত এডোখৰ মাটিক লৈ দুই পক্ষৰ ভয়ানক মাৰপিট সংঘটিত হয়। মাৰপিটত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় | জানিব পৰা মতে, ইন্তাজ আলী পক্ষৰ লোকে মাটিখিনি কিনি লৈছিল আৰু সেইসূত্ৰে মাটিত হাল বাবলৈ যোৱা অৱস্থাত আব্দুল গণি পক্ষৰ লোকে ইন্তাজ আলী পক্ষৰ ক্ৰমে ইন্তাজ আলী, পত্নী আৰু পুত্ৰ খেজুৰ আলীক জবাবদিহি কৰে আৰু মাৰপিট আৰম্ভ কৰে। মাৰপিটত তিনিওজন আহত হয় | আব্দুল গণি, আব্দুল বাতেন আৰু তেওঁলোকৰ পৰিয়ালৰ কেইবাজনো লোক এই মাৰপিটত জড়িত থকাৰ অভিযোগ | মাৰপিটত আহতসকলক ততাতৈয়াকৈ আলোপতিচৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত ইন্তাজ আলী আৰু পুত্ৰ খেজুৰ আলীক চিকিৎসকে গোৱালপাৰালৈ ৰেফাৰ কৰে | ঘটনাৰ ন্যায় বিচাৰি মাটি ক্ৰয়ৰ যাৱতীয় নথি-পত্ৰবোৰ দেখুৱাই আলোপতিচৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। মাটিক লৈ সংঘটিত এনে মাৰপিটক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured