বছা ভৰলুৱাত নাই ভোগালীৰ আনন্দ-উলাহ : কাইলৈ ১১ মৃতকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

🔹 দেৰগাঁৱৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ পিছত গাঁওখনত আজিও নিমাওমাও পৰিৱেশ
বিশেষ বাৰ্তা, ১২ জানুৱাৰী : পৰহি ভোগালীৰ উৰুকা। ৰাজ্যৰ চৌদিশে হেঁপাহৰ ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। কিন্তু গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত নাই ভোগালীৰ আনন্দ-উলাহ। যোৱা ৩ জানুৱাৰীৰ পুৱতি নিশা বনভোজ খোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ বগীবিললৈ যোৱাৰ সময়তে দেৰগাঁৱৰ বালিজানত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গাঁওখনৰ ১১জনকৈ লোকৰ প্ৰাণহানি হোৱাত গাঁওখনত নিমাওমাও পৰিৱেশ। শোকে এতিয়াও অহৰ্নিশে দহি আছে সকলোকে। সেই দিনটোৰ ভয়াৱহ স্মৃতি কোনেও পাহৰিব পৰা নাই। দুৰ্ঘটনাটোত আহত লোকসকলেও অজান আতংকত দিন অতিবাহিত কৰিছে । মৃতকৰ পৰিয়ালৰ মাজত কেৱল কান্দোনৰ ৰোল। ইয়াৰ মাজতে আনুষ্ঠানিকতা ৰক্ষা কৰি মৃত লোকসকলৰ আজি দহা কাজ সম্পন্ন হোৱাৰ পাছত কাইলৈ গাঁওখনত ৰাজহুৱাভাৱে ১১জন মৃত ব্যক্তিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হ’ব। কাইলৈ ১১জন মৃত লোকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, নাম-প্ৰসংগ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইতিমধ্যে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ গোলাঘাট জিলা প্ৰশাসন, বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াইছে বুলি গাঁওখনৰ গাঁওপ্ৰধান ললিত শইকীয়াই জানিবলৈ দিছে।

 

প্ৰেৰক দিগন্ত কুমাৰ বৰা

Featured