টুপামাৰীত চিকিৎসক নোহোৱাকৈয়ে চলিছে চিকিৎসালয়

🔹 চিকিৎসক নিয়োগৰ দাবী

নিয়মীয়া বাৰ্তা, ৬ মে’ : ৰাজ্যত স্বাস্থ্যসেৱাৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে কামৰূপৰ টুপামাৰীত | ঠায়ে ঠায়ে আটকধুনীয়াকৈ চৰকাৰে কোটি কোটি টকা খৰচ কৰি স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও চিকিৎসাৰ বাবে নাই চিকিৎসক। কামৰূপৰ নগৰবেৰাৰ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰায় দুমাহ ধৰি এজনো চিকিৎসক নাই। চিকিৎসকৰ সলনি এজন ফাৰ্মাচিষ্টেহে চলাই আছে স্বাস্থ্যকেন্দ্ৰটো। যাৰ বাবে অঞ্চলটোৰ প্ৰায় ৭০-৮০ হাজাৰ লোকে চিকিৎসাৰ নামত জীয়াতু ভুগিবলগীয়া হৈছে | নিতৌ স্বাস্থ্যকেন্দ্ৰটোলৈ অহা ৰোগীসকলে চিকিৎসকক নাপাই সময়ত বিনা চিকিৎসাই বিমুখ হৈ উভতিবলগীয়াও হয় | ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰা সত্ত্বেও আজিলৈকে স্বাস্থ্যকেন্দ্ৰটোত এজনো চিকিৎসক নিয়োগ নকৰাটো সকলোৰে বাবে সাঁথৰ যেন হৈ পৰিছে | ন্যূনতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ১৯৯৫ চনতে স্থাপিত টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক নিযুক্তি দিয়াৰ পিছত ৫-৬ মাহ দায়িত্ব পালন কৰি ৰাস্তা-ঘাট বেয়া হোৱাৰ অজুহাতত চিকিৎসকগৰাকী আন ঠাইলৈ বদলি হৈ যায়। তাৰ পাছৰে পৰা ৰোগীসকলৰ মাজত অব্যাহত আছে হাহাকাৰময় পৰিস্থিতি । তদুপৰি স্বাস্থ্যকেন্দ্ৰটোত অন্যান্য কেতবোৰ সমস্যা থকাৰ কথাও উল্লেখ কৰিছে স্থানীয় ৰাইজে | শীঘ্ৰে স্বাস্থ্যকেন্দ্ৰটোত দুগৰাকী চিকিৎসক নিয়োগ কৰাৰ লগতে স্বাস্থ্যকেন্দ্ৰটোত থকা অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured