বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🎯ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তি

🎯মাণিকপুৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মে’ : বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে। এই বিষয়ে চিন্তা কৰিবলগীয়া নাই।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বঙাইগাঁও জিলাৰ মাণিকপুৰত আজি এনডিএ-ৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এখন বিশাল বিজয় সংকল্প সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ইতিহাসপ্ৰসিদ্ধ মাণিকপুৰলৈ আহি আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে, এই বিষয়ে চিন্তা কৰিবলগীয়া নাই। এতিয়া আমাৰ এটাই চিন্তা যে আমি তেওঁক ৫ লাখত জিকাম নে ৬ লাখত জিকাম! তেওঁ আৰু কয় যে আমি এনেকুৱা এগৰাকী ব্যক্তি পাইছো, যি ৮৫ চনত বিধায়ক হ’ল, তাৰ পৰা আজিলৈকে বিধায়ক হৈয়ে আছে। অসমত এনে কোনো দ্বিতীয় এজন ব্যক্তি নাই যি এটা সমষ্টিৰ পৰা ৮বাৰকৈ বিজয়ী হৈছে। মানুহে চাকৰি জীৱন ৩০ বছৰ অতিবাহিত কৰে, কিন্তু তেওঁ ৪০ বছৰ বিধায়ক হ’ল, মন্ত্ৰীও হ’ল। ফণীভূষণ চৌধুৰীক অসমৰ ৰাজনীতিৰ ভীষ্ম বুলি অভিহিত কৰি তেওঁ কয় যে ফণীদা এগৰাকী অভিজ্ঞ ব্যক্তি, এগৰাকী সহজ-সৰল মানুহ, সুদক্ষ ব্যক্তি সেই কাৰণে তেওঁক বঙাইগাঁওবাসী ৰাইজে প্ৰতিটো নিৰ্বাচনতে বিজয়ী কৰি পঠিয়ায়। আৰু এইবাৰ তেওঁক অকল বঙাইগাঁওতে সীমাবদ্ধ নাৰাখি গোটেই বৰপেটাবাসীয়ে ল’ব খুজিছো। এইবাৰ যাতে আমি অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰাব পাৰো তাৰ বাবে সকলোৱে কাম কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে, এইকেইদিন বঙাইগাঁও, ভবানীপুৰ, সৰভোগ আদি ঠাইত মন্ত্ৰীগৰাকীয়ে ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই ৰাইজৰ পৰা বিপুল সঁহাৰি-সমৰ্থন লাভ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে। ৰাইজৰ অপাৰ মৰম-স্নেহ, সমৰ্থন লাভ কৰালৈ চাই তেওঁ ফণীভূষণ চৌধুৰী অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব বুলি উল্লেখ কৰে। বিৰোধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে ইয়াত বিৰোধীৰ কোনো অস্তিত্ব নাই। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত বিৰোধীয়েও নাজানে যে তেওঁলোকৰ প্ৰাৰ্থী কোন? বিৰোধীৰ প্ৰাৰ্থী কোন আমিতো বিচাৰি আছোৱেই, আনকি বিৰোধীয়েও বিচাৰি আছে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক। বিৰোধীয়ে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক এনেদৰে বিচাৰোতে বিচাৰোতে ৭ তাৰিখ পাৰ হৈ যাব আৰু ৪ জুনত ফলাফল ওলাই যাব কটাক্ষ কৰে। তেওঁ কয় যে ৪ জুনত ফণীভূষণ চৌধুৰী ৫ লাখতকৈ অধিক ভোটত বিজয়ী হ’ব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বৰপেটা লোকসভা সমষ্টিৰ পৰিৱেশ পৰিস্থিতিৰ কথা মনত পেলাই মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত এনেকুৱা দিন আছিল যে বৰপেটা লোকসভা সমষ্টিত আমি আমাৰ নিজৰ মানুহ জিকাবলৈ পাৰিম নে নাই তাক লৈ এটা শংকা আছিল। কিন্তু এইবাৰ সেই পৰিৱেশ নোহোৱা হ’ল। কিয়নো এইবাৰ নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ দিকদৰ্শন লৈ কাম কৰিলে, যাৰ কাৰণে আজি আমি গৌৰৱেৰে ক’ব পৰা হ’লো যে বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ দৰে আমাৰ এজন নিজৰ মানুহ আৰু এগৰাকী সুদক্ষ ব্যক্তিক আমি ৫ লাখতকৈ বেছি ভোটত জিকাই পঠাব পাৰিম। ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বৰ সাংসদ আব্দুল খালেকক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আব্দুল খালেকে মাতৃ ভাষাটোক মিঞা ভাষা বুলি কয়। আমি তেনেকুৱা মানুহ এজনক সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠাইছিলো। ইয়াৰ বাবে আমাৰ মনত বহুত দুখ আছিল। কিন্তু লক্ষণীয়ভাৱে এইবাৰ আমি আমাৰ নিজৰ মানুহ ফণীভূষণ চৌধুৰীক সাংসদ হিচাপে নিৰ্বাচিত কৰিব পাৰিম, যিটো নেকি আমাৰ কাৰণে গৌৰৱৰ বিষয়। তেওঁ আৰু কয় যে সমগ্ৰ ভাৰতবৰ্ষৰে আজি এটাই সংকল্প নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা। সেয়ে সমগ্ৰ ভাৰতবৰ্ষতে আজি উচ্চাৰিত হৈছে ‘আকৌ এবাৰ মোদী চৰকাৰ’। অসমীয়াৰ স্বাভিমান গামোচাখন ডিঙিত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে অসমীয়া গামোচাখনৰ ব্ৰেণ্ড এম্বেছেডৰ বুলি কয়, যিয়ে নেকি আমাক গৌৰাৱান্বিত কৰে বুলি তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল। প্ৰধানমন্ত্ৰীগাৰীয়ে কোনো গুৰুত্বই পোৱা নাছিল। কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা, লণ্ডন, জাৰ্মানী, ৰাছিয়া য’লৈকে নাযাওক কিয়, তেওঁ সকলোতকৈ আগত জিলিকি থাকে আৰু আমি ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বুকুত আজি গোটেই ভাৰতবৰ্ষখনক উজলাই তুলিছে। তেওঁ আৰু কয় যে দুশ বছৰ শাসন কৰা ব্ৰিটিছক পিছ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। তেওঁ আৰু কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চীনক পিছ পেলাই ভাৰতক কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰিব পাৰি, তাৰ বাবে আমি কাম কৰিব লাগিব। গতিকে বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। গতিকে তেওঁ সভাত উপস্থিত সকলোকে হাতীৰ ছবিত ভোট দি বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আগতে যিসকল মানুহ ধৰ্মৰ কথা চিন্তা কৰি আমাৰ পৰা আঁতৰি আছিল, আজি সেইসকল মানুহেও অগপৰ লগত আহি আমাৰ সৈতে যোগ দিছে। তেওঁলোককো লগত লৈ আজি আমি এখন বিকশিত অসম, উন্নয়নৰ অসম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছো। আজি আমি যিমানবোৰ অঞ্চললৈ গৈছো, সকলোতে হাজাৰ হাজাৰ সংখ্যালঘু লোক আজি আমাৰ সৈতে ওলাই আহিছে। কিয়নো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকেও উন্নয়ন বাট দেখিবলৈ পাইছে।

Featured