বটদ্ৰৱাত আজিও অব্যাহত সুদখোৰৰ দৌৰাত্ম্য  : কাণসাৰ নাই আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজক অতিমাত্ৰা সুদত টকা দি সৰ্বস্বান্ত কৰা সুদখোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে সুদখোৰক গ্ৰেপ্তাৰ কৰি এই অভিযান অব্যাহত ৰাখিছে। এই কাৰ্যই মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ বিশ্বাসযোগ্যতা বঢ়াই তুলিছে। নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও ৰহস্যজনক কাৰণত বটদ্ৰৱা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো সুদখোৰৰ বিৰুদ্ধে মৌনব্ৰত ধাৰণ কৰা কাৰ্য্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলত এতিয়াও বহুসংখ্যক সুদখোৰে দপদপাই ফুৰিছে। বটদ্ৰৱাৰ কেইবাজনো সুদখোৰে য’তে-ত’তে দম্ভালি মাৰি চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ লগতে সাধাৰণ মানুহক তাচ্ছিল্যসূচক মন্তব্য প্ৰদান কৰিছে। বটদ্ৰৱাৰ ভেটিয়নী ভোমোৰাগুৰি, কদমণি, হাইডুবি, বাটমাৰী সৰুহিছা আৰু বৰভেটি গাঁৱত বহুকেইজন সুদখোৰে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ থকাৰ পিছতো বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে সচেতন মহলৰ দৃষ্টিগোচৰ কৰিছে। উল্লেখ্য যে বটদ্ৰৱা অঞ্চলৰ বহু যুৱকে ইতিপূৰ্বে সুদখোৰৰ ভয়ত গৃহ এৰি পলাই ফুৰিবলগীয়া পৰিস্থিতিৰ প্ৰায়েই সৃষ্টি হয়। বহুজনে সুদখোৰৰ অতপালিত মাটি-ভেটিও বিক্ৰী কৰিছে।  বটদ্ৰৱাৰ দৰে ঠাইত আজিও এনে কোটি কোটি টকাৰ সুদৰ সাম্ৰাজ্য চলাই থকা সুদখোৰৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক ৰাইজে আহ্বান জনায়।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা
Featured