বড়ো-অবড়ো কৰি কাজিয়া কৰিলে সমস্যা কেতিয়াও সমাধান নহয়

🔹 ড০ হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিটিআৰত কাকো বন্দুক ল’বলৈ দিয়া নহ’ব
🔹 বাক্সা-চিৰাঙত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

বিশেষ বাৰ্তা, ৪ মে’ : আমাক এখন নতুন বিটিআৰ লাগে, আমাক এখন নতুন অসম লাগে। যিখন বিটিআৰ উন্নত বিটিআৰ হ’ব। যিখন অসম উন্নত অসম হ’ব।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। বাক্সা জিলাৰ চৰাইমাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ এনে এখন বিটিআৰৰ পোষকতা কৰাৰ কথা উল্লেখ কৰে যে য’ত খিলঞ্জীয়া আৰু বছৰ বছৰ ধৰি বসবাস কৰি অহা ভাৰতীয় মানুহখিনিৰ মাজত কোনো কাজিয়া বা হাই-পেচাল নাথাকিব। তেওঁ কয়- বড়ো-অবড়ো কৰি যদি আমি কাজিয়া কৰোঁ, আমাৰ সমস্যা কেতিয়াও সমাধান নহয়। অসমত যেতিয়ালৈকে ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব, তেতিয়ালৈকে আপোনালোকক কোনোৱে একো কৰিব নোৱাৰে, এয়া মই ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ বুলি মন্তব্য কৰে। বিপিএফক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিটিআৰ অঞ্চলত আগতে যি হত্যাযজ্ঞ চলিছিল, অপহৰণ, বোমা বিস্ফোৰণ, গোষ্ঠী সংঘৰ্ষ আদি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বিটিআৰত তেনে ঘটনা সংঘটিত হোৱা নাই বুলি কয়। ২০১৪ চনৰ পিছত বিটিআৰত এনে পৰিৱেশৰ কেতিয়াও পুনৰাবৃত্তি ঘটা নাই। আজি অসমত বিজেপিৰ চৰকাৰ হোৱাৰ পাছত বিটিআৰত কোনো হত্যা-হিংসাৰ ঘটনা সংঘটিত হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোৱে একেলগে থাকিব লাগিব। বড়ো-অবড়ো কৰি বিটিআৰত বিষবাষ্প বিয়পাব নালাগে বুলি তেওঁ সকলোকে হাতযোৰ কৰি আহ্বান জনায়। আনহাতে, বিটিআৰত মাটি-বাৰী নথকা, পট্টা নথকা লোকসকলক উচ্ছেদ কৰা হ’ব বুলি যি উৰাবাতৰি বিয়পোৱা হৈছে, সেই সন্দৰ্ভত মন্ত্ৰগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা থকালৈকে ইয়াত কাকোৱে উচ্ছেদিত হ’বলৈ নিদিওঁ, কাকোৱে বিপদত পৰিবলৈ নিদিওঁ। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যদি আপোনালোকৰ বিশ্বাস আছে, তেন্তে কওঁ যে এই বিটিআৰত, এই চৰাইমাৰীত আমি কাকোৱেই বিপদত পৰিবলৈ নিদিওঁ। কোনোবাই আপোনালোকক বেয়া ব্যৱহাৰ কৰিব, আপোনালোকক বিপদত পেলাব আৰু আমি মনে মনে থাকিম, এইটো কেতিয়াও হ’ব নোৱাৰে। এয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়- আগতে বিটিআৰত দুষ্কৃতিকাৰীয়ে মুকলিকৈ বন্দুক লৈ ঘূৰিছিল, কিন্তু আজি সেই পৰিৱেশ নাই। তেওঁ আৰু কয় যে নৰেন্দ্ৰ মোদী থকালৈকে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিটিআৰত কাকো বন্দুক ল’বলৈ দিয়া নহ’ব, কাকো হত্যা কৰিবলৈ দিয়া নহ’ব। কিন্তু এই পৰিৱেশ বৰ্তাই ৰাখিবলৈ হ’লে ড০ হিমন্ত বিশ্ব শৰ্মা থাকিব লাগিব, ভাৰতীয় জনতা পাৰ্টী থাকিব লাগিব। ভাৰতীয় জনতা পাৰ্টী থাকিবলৈ হ’লে আমি ইউপিপিএলকো লগত ৰাখিব লাগিব। এইটো কথা আপোনালোকে বুজিব লাগিব। কাৰণ আমাক বচাবলৈ, চৰাইমাৰীবাসীক বচাবলৈ এজন মানুহ আছে আৰু তেওঁৰ নাম হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা। আনহাতে, বিজেপি থাকিবলৈ আমি ইউপিপিএলকো সহায় কৰিব লাগিব। সেয়ে তেওঁ ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ সকলোকে আহ্বান জনায়। সভাত তেওঁ নৱ শৰণীয়াক টৰ্চ পাৰ্টীৰ সাংসদ বুলি কটাক্ষ কৰি কয় যে শৰণীয়াই ১০ বছৰ সাংসদ হৈ থাকিল যদিও চৰাইমাৰীলৈ এদিনো নাহিল। নৱ শৰণীয়াৰ দৰে বড়ো-অবড়ো কৰি থাকিলে একো কাম নহ’ব। তেওঁ কয় যে আমি সকলো অসমীয়া, আমি খিলঞ্জীয়া, আমি ভূমিপুত্ৰ, সকলো একেলগে থাকিব লাগিব। এটা সময়ত ইয়াত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল আৰু বন্দুকৰ শব্দত গধূলি হৈছিল।

এনে পৰিৱেশ হৈছিল কংগ্ৰেছ আৰু বিপিএফৰ দিনত। কিন্তু এতিয়া সেই পৰিৱেশ নাই। বিটিআৰত এতিয়া এটাও উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ নাই, কিয়নো অসমত এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে, দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে বাবে বন্দুক-বাৰুদ ল’বলৈ কোনেও সাহস নকৰে। সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনাৰ ঘৰ আৰু বৰ্তমান বিজেপি চৰকাৰে আগবঢ়োৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। দুখীয়াক ঘৰ দিয়াৰ নামত যে কংগ্ৰেছীয়ে টকা খাইছিল, বিভিন্ন দুৰ্নীতি সংঘটিত কৰিছিল, সেই বিষয়ে উল্লেখ কৰে। আনহাতে, মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰা আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ বিষয়ে কয়। তদুপৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে একেদিনাই মন্ত্ৰীগৰাকীয়ে চিৰাং-চিদলী বিধানসভা সমষ্টিৰ নিলিবাৰী, বাক্সা জিলাৰ গোলাগাঁও আদিত কেইবাখনো বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি বিজেপি, ইউপিপিএল আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

Featured