চিনেমা-গানক লৈ ৰাজনীতি হ’ব নালাগে : জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা,  ৭ নৱেম্বৰ : জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ কাৰ্যালয়ত মঙলবাৰে উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ। সীতাজখলাৰ ব্ৰেণ্ড এম্বেছাদৰৰ দায়িত্বত থকা শিল্পীগৰাকীয়ে দীৰ্ঘদিনৰ বিৰতিত সীতাজখলাত উপস্থিত হৈ দুগ্ধ উৎপাদনৰ বুজ লয়। আনহাতে, সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাঘৱ আৰু আলফা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। ৰাঘৱ চিনেমা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চিনেমা-গান এইবোৰত ৰাজনীতি আহিব নাপায়। কিছুমানে এনেয়ে বিতৰ্ক কৰি আছে বুলি মন্তব্য কৰি সকলোকে ৰাঘৱ চাবলৈ আহ্বান জনায় জুবিন গাৰ্গে।

 

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

Featured